• Home
  • »
  • News
  • »
  • assam
  • »
  • Marwari Hospital: অত্যাধুনিক সা-সুবিধাৰে মাৰোৱাৰী হাস্পতালত উদ্বোধন শৈক্ষিক আৰু গৱেষণা শাখাৰ

Marwari Hospital: অত্যাধুনিক সা-সুবিধাৰে মাৰোৱাৰী হাস্পতালত উদ্বোধন শৈক্ষিক আৰু গৱেষণা শাখাৰ

দুটাকৈ সু-সজ্জিত শ্ৰেণীকোঠা, গ্ৰন্থাগাৰ, প্ৰেক্ষাগৃহৰে আৰম্ভ কৰা হৈছে এই শৈক্ষিক আৰু গৱেষণা শাখাৰ।

দুটাকৈ সু-সজ্জিত শ্ৰেণীকোঠা, গ্ৰন্থাগাৰ, প্ৰেক্ষাগৃহৰে আৰম্ভ কৰা হৈছে এই শৈক্ষিক আৰু গৱেষণা শাখাৰ।

দুটাকৈ সু-সজ্জিত শ্ৰেণীকোঠা, গ্ৰন্থাগাৰ, প্ৰেক্ষাগৃহৰে আৰম্ভ কৰা হৈছে এই শৈক্ষিক আৰু গৱেষণা শাখাৰ।

  • Share this:

মঙলবাৰে গুৱাহাটীৰ মাৰোৱাৰী চিকিৎসালয়ত উদ্বোধন কৰা হয় শৈক্ষিক আৰু গৱেষণা শাখাৰ। মহানগৰীৰ আঠগাঁওস্থিত চিকিৎসালয়খনৰ পঞ্চম মহলাত প্ৰজেক্টৰ তথা দৃশ্য-শ্ৰাব্য মাধ্যমৰ সুবিধাৰ সৈতে দুটাকৈ সু-সজ্জিত শ্ৰেণীকোঠা, গ্ৰন্থাগাৰ, প্ৰেক্ষাগৃহৰে আৰম্ভ কৰা হৈছে এই শৈক্ষিক আৰু গৱেষণা শাখাৰ।


ইয়াৰ উপৰি এই শাখাটোত সংলগ্ন আছে নিদানিক গৱেষণা কোঠা বিভাগ তথা এটি কম্পিউটাৰ কক্ষ। উল্লেখ্য যে বিশিষ্ট সমাজকৰ্মী তথা প্ৰখ্যাত চলচ্চিত্ৰ প্ৰযোজক শংকৰ লাল গোৱেংকাৰ অনুদানেৰে চিকিৎসালয়খনত স্থাপন কৰা হৈছে এই শৈক্ষিক আৰু গৱেষণা শাখাটি।


আজি বিয়লি অনুষ্ঠিত শৈক্ষিক আৰু গৱেষণা শাখাৰ উদ্বোধনী অনুষ্ঠানত মাৰোৱাৰী হাস্পতাল ট্ৰাষ্টৰ সভাপতি ৰমেশ গোৱেংকা আৰু সাধাৰণ সম্পাদক ডাঃ ঘনশ্যাম দাস ধানুকাৰ উপস্থিতিত শংকৰ লাল গোৱেংকাই ইয়াৰ উদ্বোধন কৰে।


জানিব পৰা মতে, শৈক্ষিক আৰু গৱেষণা শাখাটিৰ জৰিয়তে মাৰোৱাৰী হাস্পতাল কৰ্তৃপক্ষই ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ দক্ষতা উন্নয়ন আৰু উদ্যোগশীলতা মন্ত্ৰালয়ৰ সহযোগত COVID FRONTLINE CRASH COURSE আৰম্ভ কৰিছে।


ইয়াৰ উপৰি এই শাখাটিৰ উদ্যোগত NATIONAL BOARD OF EDUCATIONক বহুকেইটা ডিপ্লমা, স্নাতক আৰু স্নাতকোত্তৰ পাঠ্যক্ৰম যেনে OBSTRETICS আৰু GYNAECOLOGYত POST GRADUATE MBBS COURSE, D.FARM.MED(NBE) আদিৰ বাবে আবেদন জনোৱা বুলিও জানিব পৰা গৈছে। ১০০জনৰো অধিক শিক্ষাৰ্থীয়ে অধ্যয়নৰ উপযোগী হ'ব পৰা সুবিধাৰে নিৰ্মাণ কৰা এই শাখাটোৰ জৰিয়তে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি আশা কৰা হৈছে।

Published by:Gautam Barman
First published: