உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • উত্তৰ-পূৰ্বাঞ্চলত গৌৰৱোজ্জ্বল শতবৰ্ষত উপনীত ডনবস্ক' পেলেচিয়ান সমাজ

    উত্তৰ-পূৰ্বাঞ্চলত গৌৰৱোজ্জ্বল শতবৰ্ষত উপনীত ডনবস্ক' পেলেচিয়ান সমাজ

    শতবৰ্ষীয় জয়ন্তী সমাৰোহৰ উদ্বোধন অনুষ্ঠানতেই এক ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়।

    শতবৰ্ষীয় জয়ন্তী সমাৰোহৰ উদ্বোধন অনুষ্ঠানতেই এক ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়।

    শতবৰ্ষীয় জয়ন্তী সমাৰোহৰ উদ্বোধন অনুষ্ঠানতেই এক ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়।

    • Share this:

    উত্তৰ-পূৰ্বাঞ্চলত গৌৰৱোজ্জ্বল শতবৰ্ষত উপনীত হ'ল ডনবস্ক' ( Don Bosco) পেলেচিয়ান সমাজ। ১৯২২ চনৰ জানুৱাৰীত পোন প্ৰথমবাৰৰ বাবে উত্তৰ-পূৰ্বাঞ্চললৈ অহা ডন বস্ক' পেলেচিয়ান সমাজৰ চলিত বৰ্ষৰ জানুৱাৰীত শতবৰ্ষ সম্পূৰ্ণ হয়। শতবৰ্ষত (centenary year) উপনীত হোৱাৰ এই শুভক্ষণত ডন বস্ক' পেলেচিয়ান সমাজে বছৰজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ লৈছে শতবৰ্ষ জয়ন্তী সমাৰোহ।


    তাৰেই পৰিপ্ৰেক্ষিতত আজি পাণবজাৰস্থিত ডন বস্ক' গীৰ্জাত (Don Bosco Church in Panbazar) শতবৰ্ষীয় জয়ন্তী সমাৰোহৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়। ডন বস্ক' গীৰ্জা প্ৰাদেশিক গৃহত আয়োজিত শতবৰ্ষীয় জয়ন্তী সমাৰোহৰ উদ্বোধন কৰে ফাদাৰ জন'ৰিয়াছ এছ. চাংমা এ। তেওঁৰ লগতে আজিৰ অনুষ্ঠানটোত ফাদাৰ চেবেষ্টিয়ান মেথিউ, ফাদাৰ পি. ডি. জনী, জন মলাচিৰাসহ কেইবাজনো গণ্য-মান্য ব্যক্তিও উপস্থিত থাকে।


    উল্লেখ্য যে, অনুষ্ঠানৰ লগত সংগতি ৰাখি এখন গ্ৰন্থ উন্মোচন কৰা হয়। ইফালে, শতবৰ্ষীয় জয়ন্তী সমাৰোহৰ উদ্বোধনৰ পাছতেই ডন বস্ক' গীৰ্জাত প্ৰাৰ্থনা অনুষ্ঠানো সম্পন্ন হয়।
    মন কৰিবলগীয়া কথা যে, শতবৰ্ষীয় জয়ন্তী সমাৰোহৰ উদ্বোধন অনুষ্ঠানতেই এক ৰক্তদান শিবিৰৰো আয়োজন কৰা হয়। উক্ত ৰক্তদান শিবিৰত ৩০ গৰাকীতকৈ অধিক লোকে ৰক্তদান কৰে। সম্পূৰ্ণ ক'ভিড বিধি মানি আয়োজিত শতবৰ্ষীয় জয়ন্তী সমাৰোহৰ উদ্বোধন অনুষ্ঠানটোত ডন বস্ক' পেলেচিয়ান সমাজৰ বহু লোকৰ লগতে ডন বস্ক' ইনষ্টিটিউটৰ ছাত্ৰ-ছাত্ৰীসকলো উপস্থিত থাকে।

    Published by:Gautam Barman
    First published: