পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত পেট্ৰলিয়াম স্প’ৰ্টছ প্ৰম’শ্যন ব’ৰ্ড(PSPB)ৰ কাইলৈ অৰ্থাৎ ১৬ নৱেম্বৰৰ পৰা ২০ নৱেম্বৰলৈ গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ৫ দিনীয়া আন্তঃইউনিট টুৰ্ণামেন্ট, ২০২২-২৩ৰ আজি উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়। গুৱাহাটীৰ মালিগাঁৱস্থিত উত্তৰ-পূব সীমান্ত ৰে'লৱে হলত আয়োজিত উদ্বোধনী পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ লগতে গুৱাহাটীৰ সাংসদ কুইন ওজাও এই অনুষ্ঠানত উপস্থিত থাকে। তেওঁলোকৰ লগতে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্যায়ত উজ্বলি উঠা কেইবাগৰাকীও খেলুৱৈ। এইসকলৰ ভিতৰত লক্ষ্য সেন, অশ্বিনী পোনাপ্পা, শিৱ থাপা, কাজল কুমাৰী, মনদ্বীপ সিং আদি অন্যতম।
মালিগাঁওস্থিত উত্তৰ-পূৱ সীমান্ত ৰে'লৱে ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামত আয়োজন হ’বলগীয়া এই প্ৰতিযোগিতাত ছয় শতাধিক আন্তঃৰাষ্ট্ৰীয় তথা ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। দৰ্শকে তেওঁলোকৰ বাবে নিৰ্ধাৰিত স্থানত সকলো দিনতে বিনামূলীয়াকৈ এই প্রতিযোগিতাসমূহ চাব পাৰিব। ইয়াত পাঁচটা ক্ৰীড়া ক্ৰমে ফুটবল, বেডমিন্টন, ভলীবল, বাস্কেটবল আৰু কেৰম প্ৰতিযোগিতা একে সময়তে অনুষ্ঠিত হ’ব। মন কৰিবলগীয়া যে, বিভিন্ন ছ’চিয়েল মিডিয়া প্লেটফৰ্মত এই উদ্বোধনী অনুষ্ঠানৰ লাইভ সম্প্ৰচাৰ কৰা হ’ব।
পিএছপিবি সম্পৰ্কেঃ-পেট্ৰলিয়াম স্প’ৰ্টছ প্ৰম’শ্যন ব’ৰ্ড (PSPB) হৈছে পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ উদ্যোগত ১৯৭৯ চনত স্থাপিত এটি ক্ৰীড়া সংস্থা। এই সংস্থাটো ১৫ টা তেল পিএছইউৰ সমৰ্থনত সদস্য সংস্থা হিচাপে ছ’চাইটিজ এক্টৰ অধীনত পঞ্জীয়নভুক্ত। এই ১৫ টা তেল পিএছইউত প্ৰায় ৩০০ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ ক্ৰীড়াবিদ আছে। পিএছপিবিয়ে ইয়াৰ সদস্য সংস্থাসমূহৰ সহযোগত হকী, টিটি, বেডমিন্টন, ক্ৰিকেট, ভলীবল, বাস্কেটবল, আৰ্চাৰী, এথলেটিকছ আদি ক্ষেত্ৰসমূহত উৎসাহিত কৰি আহিছে।
বিগত সময়ছোৱাত পিএছপিবিয়ে ১৮ টা ক্ৰীড়াত একাধিক আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ খেলুৱৈক সমৰ্থন আগবঢ়াইছে। তেওঁলোকৰ একাংশ হৈছেঃ-
১) হকী (পুৰুষ/মহিলা) – হৰমনপ্ৰীত সিং, গুৰজন্ত সিং, হাৰ্দিক সিং, সুমিত
২) টেবুল টেনিছ – শৰথ কমল, মণিকা বাট্ৰা, অমলৰাজ, জি সঠিয়ান
৩) বেডমিন্টন – লক্ষ্য সেন, চিৰাগ শ্বেট্টী, অশ্বিনী পোনাপ্পা
৪) ভলীবল – ললিত কুমাৰ, মনদ্বীপ সিং, বিনীত, অখিন জিএছ
৫) বাস্কেটবল – বিনয় দবাছ, বিষেশ ৰঘুবংশী
৬) কেৰম – ৰশ্মি, কাজল কুমাৰী, যোগেশ পাৰ্দেশী, শ্ৰীনিবাস
৭) ক্ৰিকেট – ৰোহিত শৰ্মা, ঈশান্ত শৰ্মা, বিৰাট কোহলী
৮) আৰ্চাৰী – দীপিকা কুমাৰী, জ্যোতি সুৰেখা, অতনু দাস
৯) বিলিয়ার্ড আৰু স্নুকাৰ – পংকজ আদৱানি, সৌৰভ কোথাৰী, আলোক কুমাৰ, ধ্ৰুৱ সীতৱালা
১০) দবা – মনন চন্দ্ৰ, এছ শ্ৰী কৃষ্ণ।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|