உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • শংকিত বিজেপি! ত্ৰিপুৰাত প্ৰত্যাহ্বান, কংগ্ৰেছৰ পৰা অহাসকল মূৰৰ কামোৰণি হৈছে বিজেপিৰ 

    শংকিত বিজেপি! ত্ৰিপুৰাত প্ৰত্যাহ্বান, কংগ্ৰেছৰ পৰা অহাসকল মূৰৰ কামোৰণি হৈছে বিজেপিৰ 

    ত্ৰিপুৰাত কংগ্ৰেছৰ পৰা অহা নেতাই শিকা নাই বিজেপিৰ অনুশাসনঃ দিলীপ শইকীয়া

    ত্ৰিপুৰাত কংগ্ৰেছৰ পৰা অহা নেতাই শিকা নাই বিজেপিৰ অনুশাসনঃ দিলীপ শইকীয়া

    ত্ৰিপুৰাত কংগ্ৰেছৰ পৰা অহা নেতাই শিকা নাই বিজেপিৰ অনুশাসনঃ দিলীপ শইকীয়া

    • Share this:

    উত্তৰ-পূবৰ বহু কংগ্ৰেছী নেতাৰ ঠিকনা এতিয়া বিজেপি ৷ অসমত কংগ্ৰেছৰ পৰা নেতাই বিজেপি দলটোক শ'লঠেকত নেপেলালেও ত্ৰিপুৰাত ন-বিজেপিয়ে অনা ৰাজনৈতিক পৰিস্থিতিয়ে শংকিত কৰিছে কেন্দ্ৰীয় নেতৃত্বক ৷ বিজেপিৰ সন্মুখত প্ৰত্যাহ্বান হৈ থিয় দিছে ত্ৰিপুৰাত মমতাৰ তৃণমূলো ৷ বিজেপিয়ে সেয়েহে সময়ত কৰিব পাৰে বহুকেইটা আঞ্চলিক দলৰে মিত্ৰতা৷


    বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই শেহতীয়াকৈ ত্ৰিপুৰাত বিজেপি দলটোৰ মাজত সৃষ্টি হোৱা সংঘাত মষিমূৰ কৰি আহিয়েই স্পষ্টকৈ কৈছে- "কংগ্ৰেছৰ পৰা যিসকলে ত্ৰিপুৰাত আমাৰ দলটোত যোগদান কৰিছিল, সেইসকলে আমাৰ দলটোৰ নীতি-আদৰ্শৰ সৈতে এতিয়ালৈকে সংপৃক্ত হোৱা নাই ৷ তেওঁলোকৰ আদৰ্শ সুকীয়া আছিল ৷ আমাৰ আদৰ্শও সুকীয়া ৷ ক'ৰবাত এই বিষয়টোৱে দলটোক বিবুধিত পেলাইছে৷ মই ভাবোঁ তেওঁলোকে আমাৰ অনুশাসন, নীতি এদিন নিজৰ কৰি ল'ব ৷"


    মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেবৰ বিৰুদ্ধে অনাস্থা অনা ন-বিজেপি কংগ্ৰেছৰ প্ৰাক্তন যুৱ নেতা সুশান্ত চৌধুৰীক মন্ত্ৰিত্ব প্ৰদান কৰিবলৈ বাধ্য হোৱা বিজেপি নেতৃত্বই অনুভৱ কৰিছে ত্ৰিপুৰাত কংগ্ৰেছৰ পৰা বিজেপিলৈ অহাসকলে গ্ৰহণ কৰিব পৰা নাই বিজেপিৰ নীতি, অনুশাসন ৷ ত্ৰিপুৰাত বিজেপিৰ সন্মুখত এতিয়া প্ৰত্যাহ্বান হৈ থিয় দিছে ন-বিজেপিক অনুশাসনৰ বান্ধোনেৰে বন্ধাটো ৷ ত্ৰিপুৰাত বিজেপিৰ সন্মুখত দ্বিতীয় প্ৰত্যাহ্বান মমতাৰ তৃণমূল কংগ্ৰেছ ৷ কংগ্ৰেছ এৰি মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছত যোগ দিয়েই ত্ৰিপুৰাৰ ৰাজনীতিত জঁপিয়াই পৰিছে সুস্মিতা দেৱ ৷


    ত্ৰিপুৰা বিজেপিৰ দুৰ্বলতা ক'ত, দলটো শক্তিশালী ক'ত সকলো চাইছে সুস্মিতা দেবে ৷ পিছে সুস্মিতা দেবক ফেক্টৰ হিচাপে নল'লেও তৃণমূলক ফেক্টৰ হিচাপে লৈছে বিজেপিয়ে ৷ "তৃণমূলৰ ৰণনীতি চাই খেলপথাৰত নামিম আমি ৷ দুৰ্বল বুলি ভবা নাই আমি তৃণমূলক ৷ সেই ভুল বিজেপিয়ে নকৰে ৷ কিন্তু আমি সাংগঠনিক দিশটোত যিমান পাৰি সিমান মনোনিৱেশ কৰিছোঁ ৷ বুথৰ পৰা ৰাজ্যিক পৰ্যায়লৈ সংগঠন কৰি আছিলোঁ আৰু কৰি যাম৷   'খেলা হ'বে', পিছে ৰাইজৰ লগত খেলা নকৰোঁ আমি ৷ গ'ল আমিয়েই দিম৷" — দিলীপ শইকীয়াই কয়।


    মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰ বাবে ত্ৰিপুৰা দখল সহজ নহয় বুলি কৈ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই লগতে ক'লে– বিজেপিয়ে নিৰ্বাচনৰ আগত বা পিছত তিপ্ৰা মথা, IPFTৰে কৰিব মিত্ৰতা৷ বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াই ত্ৰিপুৰাত কংগ্ৰেছৰ পৰা অহা ন-বিজেপিয়ে দলৰ মজিয়াত সৃষ্টি কৰা অৰাজকতা কেতিয়াবা অসমতো যে নহ'ব, সেয়া নুই কৰিব নোৱাৰি ৷ ইয়াৰ বাবে হয়তো বিচাৰধাৰা পৰিবাৰে ইতিমধ্যে ইয়াৰ প্ৰতিকাৰো চিন্তা কৰিছে ৷ এটা কথা ঠিক যে ত্ৰিপুৰাৰ ৰাজনীতি বিজেপিৰ বাবে এতিয়া সকলো দিশৰ পৰাই হৈ পৰিছে গুৰুত্বপূৰ্ণ ৷

    Published by:Gautam Barman
    First published: