অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ আভ্যন্তৰীণ সংঘাত তীব্ৰতৰ হৈছে। এটাৰ পিছত আনটো নিৰ্বাচনত পৰাজয়ৰ পিছত অসম প্ৰদেশ কংগ্ৰেছত একপ্ৰকাৰ আৰম্ভ হৈছে সভাপতি ভূপেন কুমাৰ বৰা (APCC President Bhupen Kumer Bora) হাটাও অভিযান। তাৰ মাজতে মঙলবাৰে নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা অসমৰ তত্ত্বাৱধায়ক, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিং (Jitendra Singh) আহি উপস্থিত হয় গুৱাহাটীত।
জিতেন্দ্ৰ সিঙৰ উপস্থিতিত সম্প্ৰতি গুৱাহাটীৰ ৰাজীৱ ভৱনত (Rajiv Bhawan) চলিছে গুৰুত্বপূৰ্ণ বৈঠক। বৈঠকত দলৰ কেইবাজনো ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাও উপস্থিত আছে। বৈঠকখনত অৱশ্যে উপস্থিত আছে মাত্ৰ তিনিগৰাকী বিধায়কহে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন বৰা, বিৰোধী দলপতি দেবব্ৰত শইকীয়া, কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ আৰু ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ উপস্থিত আছে।
দলৰ আনগৰাকী কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীয়েও অংশ লৈছে মঙলবাৰৰ সভাত। সভাৰ পূৰ্বে NEWS18ৰে হোৱা আছুতীয়া সাক্ষাৎকাৰত জিতেন্দ্ৰ সিঙে কয় যে অসমৰ সভাপতি ভূপেন বৰা হৈ আছে আৰু হৈ থাকিব। উল্লেখযোগ্য যে বিয়লি জিতেন্দ্ৰ সিঙৰ সৈতে কংগ্ৰেছ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব।
Published by: Gautam Barman
FIRST PUBLISHED : May 17, 2022, 19:13 IST
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।