• Home
  • »
  • News
  • »
  • assam
  • »
  • "অহা ১০ বছৰৰ ভিতৰত উত্তৰ-পূব সমগ্ৰ দেশৰ বাবে বিকাশৰ ইঞ্জিন হ’ব"- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

"অহা ১০ বছৰৰ ভিতৰত উত্তৰ-পূব সমগ্ৰ দেশৰ বাবে বিকাশৰ ইঞ্জিন হ’ব"- মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা

উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ দিশত মোদী চৰকাৰৰ সমন্বিত প্ৰচেষ্টা এক বিশাল প্ৰচেষ্টা

উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ দিশত মোদী চৰকাৰৰ সমন্বিত প্ৰচেষ্টা এক বিশাল প্ৰচেষ্টা

উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ দিশত মোদী চৰকাৰৰ সমন্বিত প্ৰচেষ্টা এক বিশাল প্ৰচেষ্টা

  • Share this:
আগন্তুক ১০ বছৰত ভাৰতৰ নিৰাপত্তা ৰক্ষাৰ বিষয়টো সমাধানৰ লগতে উত্তৰ-পূব ভাৰত বিকাশৰ ইঞ্জিন হ’ব। এই কথা বৃহস্পতিবাৰে দেশৰ আগশাৰীৰ সংবাদ মাধ্যম টাইমচ নাও সন্মিলন ২০২২ত হোৱা এক বাৰ্তালাপত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয়।

কেন্দ্ৰৰ ‘উত্তৰ-পূবৰ মূলসুঁতি’ প্ৰচেষ্টাৰ বিষয়ে উল্লেখ কৰি তেওঁ কয় যে, "উত্তৰ-পূব অঞ্চলৰ উন্নয়নৰ দিশত মোদী চৰকাৰৰ সমন্বিত প্ৰচেষ্টা এক বিশাল প্ৰচেষ্টা। ১৯৬২ চনত চীনে ভাৰতত প্ৰৱেশ কৰিছিল। ভাৰতে চীনক সঁহাৰি দিব পৰা নাছিল কাৰণ সেই সময়ত ভাৰতৰ সীমান্তলৈ ভাল পথ নাছিল। কিন্তু আজি এটা ঘাইপথ আছে। বৰ্তমান দ্বিতীয় ঘাইপথটো নিৰ্মাণ হৈ আছে। উত্তৰ-পূৱৰ সকলো ৰাজ্য ৰাজধানী এক্সপ্ৰেছৰ সৈতে সংযুক্ত হৈ আছে, সকলো ৰাজ্যতে এটা বা একাধিক বিমানবন্দৰো আছে। এই সকলোবোৰ বিগত আঠ বছৰত হৈছে আৰু যদি আপুনি অহা ১০ বছৰত এই প্ৰবাহ অব্যাহত ৰাখে তেন্তে উত্তৰ-পূব সম্পূৰ্ণৰূপে মূলসুঁতিত পৰিণত হ’ব আৰু ভাৰতৰ বহুতো নিৰাপত্তা ৰক্ষাৰ বিষয়বোৰ সমাধান কৰা হ’ব।’’

অনুষ্ঠানটোৰ মূল বিষয় ভাৰতৰ উত্তৰ-পূৱৰ সুযোগৰ বিষয়ে মুখ্যমন্ত্ৰীয়ে কয় যে, গুৱাহাটী বিমানবন্দৰ টাৰ্মিনেল চলি আছে, টাৱাঙলৈ ৰে’ল লাইন আছে। এমাহ পূৰ্বে নীতিন গাডকাৰীয়ে ৫৫ হাজাৰ কোটি টকাৰ পথ নিৰ্মাণৰ প্ৰকল্প ঘোষণা কৰিছিল। গতিকে অঞ্চলটো সঠিক দিশত গৈ আছে আৰু আগন্তুক ১০ বছৰৰ ভিতৰত উত্তৰ-পূব সমগ্ৰ দেশৰ বাবে বিকাশৰ ইঞ্জিন হ’ব।’’

তেওঁ লগতে কয়, ‘‘কংগ্ৰেছে কেতিয়াও সীমান্ত বিবাদ সমাধান কৰিবলৈ চেষ্টা কৰা নাছিল। ২০১৪ চনলৈকে উত্তৰ-পূবৰ প্ৰতিখন ৰাজ্য কংগ্ৰেছৰ শাসনৰ অধীনত আছিল। কিন্তু তেওঁলোকে কোনো প্ৰচেষ্টা হাতত লোৱা নাছিল। বৰ্তমানলৈ মেঘালয়ৰ সৈতে হোৱা বিবাদৰ আধা অংশ নিষ্পত্তি হৈছে।’’

ইয়াৰোপৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, ‘‘আগন্তুক বৰ্ষত সকলো নিষ্পত্তি হ’ব। অৰুণাচলৰ সৈতে থকা সকলো বিবাদ অহা চাৰিৰ পৰা পাঁচ মাহৰ ভিতৰত সমাধান হ’ব। ১৯৭২ চনৰ পৰা এই বিবাদবোৰ চলি আহিছে। যেতিয়া ৰাজ্য সৃষ্টি কৰা হয় তেতিয়া সীমাবোৰ সঠিকভাৱে নিৰ্ধাৰণ কৰিব লাগে। কিন্তু কংগ্ৰেছে সীমাবোৰ সঠিকভাৱে নিৰ্ধাৰণ নকৰাৰ বাবে অসমৰ আৰু ইয়াৰ সীমান্তৱৰ্তী ৰাজ্যসমূহক নিজৰ মাজত যুঁজিবলৈ এৰি দিলে। এইটো এটা উত্তৰাধিকাৰী সমস্যা কিন্তু আমি ইয়াক সমাধান কৰিম।’’
Published by:Sehnaz Begum
First published:

শেহতীয়া বাতৰি