• Home
  • »
  • News
  • »
  • assam
  • »
  • Neel Paban Baruah : সৌন্দৰ্যবৰ্ধনৰ নামত GMDA কৰ্তৃপক্ষই মচিলে নীলপৱন বৰুৱা-দীপালী বৰঠাকুৰৰ স্মৃতিত অংকিত দেৱাল চিত্ৰ

Neel Paban Baruah : সৌন্দৰ্যবৰ্ধনৰ নামত GMDA কৰ্তৃপক্ষই মচিলে নীলপৱন বৰুৱা-দীপালী বৰঠাকুৰৰ স্মৃতিত অংকিত দেৱাল চিত্ৰ

সৌন্দৰ্যবৰ্ধনৰ দায়িত্ব লোৱা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰীৰ সৌন্দৰ্যবোধক লৈও উঠিছে প্ৰশ্ন

সৌন্দৰ্যবৰ্ধনৰ দায়িত্ব লোৱা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰীৰ সৌন্দৰ্যবোধক লৈও উঠিছে প্ৰশ্ন

সৌন্দৰ্যবৰ্ধনৰ দায়িত্ব লোৱা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰীৰ সৌন্দৰ্যবোধক লৈও উঠিছে প্ৰশ্ন

  • Share this:

জি২০ সন্মিলন(G20 Summit)ৰ বাবে গুৱাহাটীক ন-ৰূপত সজাই-পৰাই তোলাৰ বাবে প্ৰশাসন তথা চৰকাৰে লোৱা পদেক্ষপৰ মাজতে আজি ৱালৰ পৰা মচ খালে অসমৰ স্বনামধন্য চিত্ৰশিল্পী প্ৰয়াত নীলপৱন বৰুৱা আৰু কোকিলকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ যুগ্ম চিত্ৰ।


সৌন্দৰ্যবৰ্ধনৰ দায়িত্ব লোৱা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী (GMDA)ৰ দৃষ্টিত আদৰ্শনীয় দাম্পত্য প্ৰেমৰ স্বাক্ষৰ বহন কৰা দুগৰাকী শিল্পীৰ ছবি কিহৰ ভিত্তিত অসুন্দৰ ৰূপে ধৰা দিলে, তাক লৈ তীব্ৰ চৰ্চা হৈছে নাগৰিক সমাজত।


জালুকবাৰীৰ উৰণীয়া সেতুত থকা এই দেৱাল চিত্ৰ (Wall Painting) মচি পেলোৱা জিএমডিএৰ কৰ্মকাণ্ডই চকু কপালত তুলিছে সকলোৰে। উল্লেখ্য যে শিল্পী দুগৰাকীৰ চিত্ৰ দেৱালত অংকন কৰিছিল জনপ্ৰিয় দেৱাল চিত্ৰকাৰ ভেজালে। দুয়োৰে স্মৃতিত বিগত বৰ্ষৰ মাৰ্চ মাহত চিত্ৰশিল্পীগৰাকীয়ে আঁকিছিল ছবিখন।


এই ঘটনাৰ পিছতে চিত্ৰশিল্পী নীলপৱন বৰুৱা (Neel Paban Baruah) আৰু কণ্ঠশিল্পী দীপালী বৰঠাকুৰৰ (Dipali Borthakur)ৰ প্ৰতি এয়া চৰম অপমান বুলি গণ্য কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সচেতন মহলে। এই কাৰ্যক লৈ সামাজিক মাধ্যমতো ব্যাপক সমালোচনা হোৱা দেখা গৈছে। এইক্ষেত্ৰত সৌন্দৰ্যবৰ্ধনৰ দায়িত্ব লোৱা গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকাৰী (GMDA)ৰ সৌন্দৰ্যবোধক লৈও প্ৰশ্ন উত্থাপন হৈছে।


এই কাৰ্যক লৈ চিত্ৰশিল্পী ভেজালৰো দুখ প্ৰকাশ। নীলপৱন বৰুৱা আৰু দীপালী বৰঠাকুৰ অসমৰ প্ৰত্যেকজন ব্যক্তিৰ হৃদয়ত জীয়াই আছে বুলি মন্তব্য।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি