• Home
  • »
  • News
  • »
  • assam
  • »
  • Assam Police Tweet : আপুনি অসম আৰক্ষীৰ নামত প্ৰচাৰ কৰা এই 'বাৰ্তা' পাইছে যদি সাৱধান হওক, দুষ্ট চক্ৰৰ ভয়ানক ষড়যন্ত্ৰ

Assam Police Tweet : আপুনি অসম আৰক্ষীৰ নামত প্ৰচাৰ কৰা এই 'বাৰ্তা' পাইছে যদি সাৱধান হওক, দুষ্ট চক্ৰৰ ভয়ানক ষড়যন্ত্ৰ

ছোৱালীক চুৰি, ধৰ্ষণ আৰু অপৰহণৰ বাবে এটা গেঙৰ নতুন প্ৰক্ৰিয়া বুলি প্ৰকাশ কৰা হৈছে সাৱধান বাৰ্তা

ছোৱালীক চুৰি, ধৰ্ষণ আৰু অপৰহণৰ বাবে এটা গেঙৰ নতুন প্ৰক্ৰিয়া বুলি প্ৰকাশ কৰা হৈছে সাৱধান বাৰ্তা

ছোৱালীক চুৰি, ধৰ্ষণ আৰু অপৰহণৰ বাবে এটা গেঙৰ নতুন প্ৰক্ৰিয়া বুলি প্ৰকাশ কৰা হৈছে সাৱধান বাৰ্তা

  • Share this:
অসম আৰক্ষীৰ টুইটাৰ হেণ্ডেলৰ নামত দুষ্ট চক্ৰৰ চক্ৰান্ত। অসম আৰক্ষীৰ টুইটাৰ হেণ্ডলৰ স্ক্ৰীনশ্বট লৈ চক্ৰটোৱে প্ৰকাশ কৰিছে এটা সাৱধান বাৰ্তা। ''কলেজ বা অফিচলৈ অকলে যোৱা ছোৱালীৰ বাবে বাৰ্তা'' বুলি উল্লেখ কৰি লিখা হৈছে যে ৰাস্তাত কোনো কান্দি থকা শিশুৱে ঠিকনা দেখুৱালে কোনো ছোৱালীয়ে যাতে শিশুটিক সেই ঠাইলৈ নিনিয়ে। এয়া ছোৱালীক চুৰি, ধৰ্ষণ আৰু অপৰহণৰ বাবে এটা গেঙৰ নতুন প্ৰক্ৰিয়া বুলি প্ৰকাশ কৰা হৈছে।

বিশ্বাসযোগ্য ৰূপত ছ'চিয়েল মিডিয়াত প্ৰচাৰ কৰা এই সাৱধান বাৰ্তা ভুৱা বুলি অসম আৰক্ষীয়ে টুইট কৰিছে। আৰক্ষীয়ে উল্লেখ কৰিছে– কিছুমান দুষ্ট চক্ৰই ভুৱা স্ক্ৰীনশ্বটটো শ্বেয়াৰ কৰি আতংক সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। নাগৰিকসকলক এনেধৰণৰ বিভ্ৰান্তিকৰ তথ্য শ্বেয়াৰ বা ফৰৱাৰ্ড নকৰিবলৈ অনুৰোধ জনোৱা হ'ল। এই বাৰ্তা প্ৰচাৰ কৰা কোনো লোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।





উল্লেখ্য, ৰাজ্যত সোপাধৰা কেন্দ্ৰিক অন্ধবিশ্বাসৰ বাবে প্ৰায় প্ৰতিদিনে নিৰীহ লোক আক্ৰমণৰ সন্মুখীন হোৱাৰ সময়তে এইধৰণে অসম আৰক্ষীৰ ভুৱা টুইটাৰ হেণ্ডেলৰ নামত আতংক বিয়পোৱাৰ কথাটো অতি উদ্বেগজনক।
Published by:Gautam Barman
First published: