মুখ্যপৃষ্ঠা »খবৰ »অসম »Women Entrepreneurs : নাজিৰাত মহিলা উদ্যোগীয়ে উৎপাদন কৰিছে আচাৰ "কেতেকী"

Women Entrepreneurs : নাজিৰাত মহিলা উদ্যোগীয়ে উৎপাদন কৰিছে আচাৰ "কেতেকী"

নতুনকৈ আৰম্ভ কৰা উদ্যোগটোত সংস্থাপন লাভ কৰিছে ২২গৰাকী মহিলাই

নতুনকৈ আৰম্ভ কৰা উদ্যোগটোত সংস্থাপন লাভ কৰিছে ২২গৰাকী মহিলাই

নতুনকৈ আৰম্ভ কৰা উদ্যোগটোত সংস্থাপন লাভ কৰিছে ২২গৰাকী মহিলাই

  • Share this:
শিৱসাগৰ জিলাৰ নাজিৰাৰ মহিলা উদ্যোগী নাছৰিন হুছেইনে  নতুনকৈ আৰম্ভ কৰা কেতেকী ব্ৰেণ্ডৰ আচাৰ বিক্ৰীৰ কালি শুভাৰম্ভণ কৰা হয় ৷

এই উপলক্ষে নাজিৰাৰ কেফাই চ’পীত কেতেকী আচাৰ বিক্ৰীৰ শুভাৰম্ভণী অনুষ্ঠানত বহুকেইজন বিশিষ্ট ব্যক্তিৰ উপস্থিতিত জেষ্ঠ চিকিৎসক ঈশ্বৰ প্ৰসাদ বৰুৱাই কেতেকী ব্ৰেণ্ডৰ উৎপাদিত আচাৰ বজাৰত বিক্ৰীৰ বাবে মুকলি কৰে৷ ্য

আত্মনিৰ্ভৰশীল অসম গঢ়াৰ সপোন দেখা মহিলা উদ্যোগী নাছৰিন হুছেইনে ২২ গৰাকী  মহিলাক থলুৱাভাৱে উপলব্ধ বিভিন্ন ফলমূল, শাক-পাচলিৰ পৰা আচাৰ প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰি গঢ়ি তুলিছে এই উদ্যোগটো।

নাজিৰাৰ কেতেকীবাৰীত মহিলাই উৎপাদন আৰম্ভ কৰা  বিভিন্ন বিধ আচাৰে নাজিৰাৰ লগতে ৰাজ্যৰ বজাৰ দখল কৰিব বুলি আশা প্ৰকাশ কৰিছে মহিলা উদ্যোগীগৰাকীয়ে৷

শেহতীয়া বাতৰি