মুখ্যপৃষ্ঠা »খবৰ »অসম »নগাঁৱত বিধায়ক ৰূপক শৰ্মাই হোলীত বজালে ঢোল, গীত গালে অভিনেতা যতীন বৰাই

নগাঁৱত বিধায়ক ৰূপক শৰ্মাই হোলীত বজালে ঢোল, গীত গালে অভিনেতা যতীন বৰাই

বিধায়ক ৰূপক শৰ্মাৰ গৃহত বিজেপিৰ নেতা-কৰ্মীৰ উছাহ

বিধায়ক ৰূপক শৰ্মাৰ গৃহত বিজেপিৰ নেতা-কৰ্মীৰ উছাহ

বিধায়ক ৰূপক শৰ্মাৰ গৃহত বিজেপিৰ নেতা-কৰ্মীৰ উছাহ

  • Share this:

হোলীৰ আনন্দত মতলীয়া হ'ল ৰাজ্যবাসী। ৰঙ-বিৰঙৰ আবিৰে ছানি ধৰিলে ৰাজ্যৰ আকাশ-বতাহ। গুৰুজনাৰ জন্মভূমি নগাঁও জিলাৰ বটদ্ৰৱাৰ লগতে নগাঁও চহৰতো ফল্গুৎসৱৰ আনন্দত মতলীয়া হ'ল সকলো। নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ গৃহত পুৱাই হোলী খেলিবলৈ সমাগম ঘটিল বিজেপিৰ নেতা-কৰ্মীৰ লগতে জনপ্ৰিয় অভিনেতা যতীন বৰাৰ।


বিজেপিৰ নেতা-কৰ্মীয়ে পৰিৱেশন কৰাৰ হোলী গীতত বাদ্য সংগত কৰিলে বিধায়ক ৰূপক শৰ্মাই। গীত গাই আনন্দত নাচি-বাগি মতলীয়া হ'ল অভিনেতা যতীন বৰাও। ৰাজ্যবাসীলৈ ফাঁকুৱাৰ শুভেচ্ছা জনাই বিধায়কগৰাকীয়ে ক'লে, আবিৰৰ ৰঙে ৰঙীন কৰি তোলক সকলোৰে জীৱন। হোলীৰ শুভেচ্ছা জ্ঞাপন কৰিলে অভিনেতা যতীন বৰায়ো। চহৰখনৰ বিভিন্ন স্থানত হোলী উপলক্ষে পৰিলক্ষিত হ'ল ব্যাপক উছাহ।


ইয়াৰ মাজতে বৰঘাট-মৰিকলং অঞ্চলত এচাম সুৰামক্ত লোকে হোলীৰ নামৰ ব্যাপক উদ্ভণ্ডালি কৰাৰ অভিযোগ উঠিছে। সুৰামক্ত এচাম লোকে হোজাইৰ পৰা গুৰুজনাৰ জন্মস্থান বটদ্ৰৱালৈ গৈ থকা সাংবাদিক পল্লৱী কলিতাৰ বাহন আগচি ধৰি আক্ৰমণৰো চেষ্টা কৰে। পিছত বৰঘাট আৰক্ষী ঘটনাস্থলীত উপস্থিত  হৈ সাংবাদিকগৰাকীক সুকলমে উদ্ধাৰ কৰে।

শেহতীয়া বাতৰি