உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • নিজ গাঁৱত শ্বহীদ সুমন স্বৰ্গীয়াৰীলৈ হাজাৰ জনতাৰ শ্ৰদ্ধাঞ্জলি, শোকদগ্ধ পত্নীক চিকিৎসা প্ৰদান

    নিজ গাঁৱত শ্বহীদ সুমন স্বৰ্গীয়াৰীলৈ হাজাৰ জনতাৰ শ্ৰদ্ধাঞ্জলি, শোকদগ্ধ পত্নীক চিকিৎসা প্ৰদান

    সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ বাক্সাৰ নিজ বাসভৱন আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

    সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ বাক্সাৰ নিজ বাসভৱন আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

    সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ বাক্সাৰ নিজ বাসভৱন আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়।

    • Share this:

    উগ্ৰপন্থীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুওৱা বীৰ শ্বহীদ সুমন স্বৰ্গীয়াৰীৰ নশ্বৰ দেহ বাক্সাৰ নিজ বাসভৱন আহি পোৱাৰ পিছতে শোকাকুল পৰিৱেশৰ সৃষ্টি হয়। শ্বহীদ সুমনৰ নিজ গাঁও বাক্সা (Baksa) জিলাৰ থেকেৰাকুছিত শোকাকুল পৰিৱেশৰ মাজতে হাজাৰ হাজাৰ জনতাই শ্বহীদগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


    শ্বহীদগৰাকীৰ মৃত্যুসংবাদে শোকবিহ্বল কৰি তোলা পত্নীক চিকিৎসা প্ৰদান কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। বি টি আৰৰ প্ৰশাসন তথা বহু গণ্যমাণ্য ব্যক্তিয়েও  জোৱানগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


    সুমন স্বৰ্গীয়াৰীলৰৈ সামৰিক অভিবাদন জনোৱাৰ পিছত আৰম্ভ কৰা হ'ব শেষকৃত্য অনুষ্ঠান।


    উল্লেখ্য, মণিপুৰ (Manipur)ত শনিবাৰে অসম ৰাইফলছৰ (Assam Rifles) কনভয়ত হোৱা আক্ৰমণত নিহত হৈছিল অসম ৰাইফলছৰ জোৱান সুমন স্বৰ্গীয়াৰী। আজি পুৱাই শ্বহীদগৰাকীৰ নশ্বৰ দেহ বৰঝাৰ বায়ু সেনাৰ ষ্টেচনলৈ অনা হৈছিল। বৰঝাৰত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।


    সুমনে ২০১১ চনত সেনাত যোগদান কৰি ১০ বছৰ দেশৰ সেৱা আগবঢ়াই শ্বহীদ হয় শনিবাৰে পুৱা ১০ বজাত মণিপুৰৰ শ্বেখান-বেহিয়াং আৰক্ষী থানাৰ এলেকাত উগ্ৰপন্থীৰ ভয়ংকৰ আক্ৰমণত।

    Published by:Gautam Barman
    First published: