স্বাধীনতাৰ ৭০ বছৰ পিছতো উন্নয়নৰ মুখ নেদেখা এটা অঞ্চল। অসম চৰকাৰ অথবা কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত এই অঞ্চলটোৰ নাম ৰুমফুম। পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ ঠাই হামৰেণৰ পৰা ৯০ কিলোমিটাৰ নিলগৰ অসম-মেঘালয় সীমান্তৰ এই অঞ্চলটো বৰ্তমানেও স্পৰ্শ কৰিব পৰা নাই গ্ৰাম্য বিদ্যুতীকৰণ আঁচনিয়ে। বিদ্যুৎ যোগানৰ নামত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে বিদ্যুতৰ খুঁটা পুতিয়ে দায়িত্ব সামৰিছে।
কিন্তু এই অঞ্চলৰ লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে এগৰাকী মিজো যুৱক। বিজয়েন্দ্ৰ নামৰ এগৰাকী মিজো যুৱকে অঞ্চলটোৰ বোৱঁতী জুৰিৰ ওপৰত স্থানীয় ৰাইজৰ সহযোগত স্থাপন কৰিছে তিনিটাকৈ টাৰ্বাইন। নিৰ্মাণ কৰিছে ক্ষুদ্ৰ জলবিদ্যুৎ প্ৰকল্প আৰু এই প্ৰকল্পৰ পৰা উৎপন্ন হোৱা বিদ্যুতৰ জৰিয়তে পোহৰাই তুলিছে ২০টা কৈ পৰিয়ালৰ ঘৰ।
কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ অন্তৰ্গত ছ' চেং পৰিষদীয় সমষ্টিৰ অন্তৰ্গত ৰুমফুম গাঁৱৰ ৰাইজে এই যুৱকজনৰ বাবেই দেখিছে বিজুলীবাতিৰ পোহৰ। লাভান্বিত হৈছে বিদ্যালয়-মহাবিদ্যালয়ত অধ্যয়নৰত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকল। চৰকাৰী আঁচনিয়ে ঢুকি নোপোৱা এই অঞ্চলটোৰ ৰাইজে বৰ্তমান প্ৰশংসাৰে ওপচাই পেলাইছে বিজেয়ন্দ্ৰক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।