কোভিডৰ মাজতে আন বিপদ, গোৱালপাৰাত এনিশাতে গৃহহীন–খাদ্যহীন হ'ল কেইবাটাও পৰিয়াল

News18 Assam | News18-Assam
Updated:July 18, 2021, 4:40 PM IST
কোভিডৰ মাজতে আন বিপদ, গোৱালপাৰাত এনিশাতে গৃহহীন–খাদ্যহীন হ'ল কেইবাটাও পৰিয়াল
ঘৰতো বাদ আন এপদ সামগ্ৰীও সাৰি নগ’ল। 

ঘৰতো বাদ আন এপদ সামগ্ৰীও সাৰি নগ’ল। 

  • Share this:

হঠাতে অমানিশা নামি আহিল কেইবাটাও পৰিয়াললৈ ৷ লকডাউনৰ মাজতে গৃহহীন হোৱা কেইবাটাও পৰিয়ালৰ লোক মুকলি আকাশৰ তলত ৷ এফালে কোৰোণাৰ ত্ৰাস আনফালে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি বন্যহস্তীৰ উপদ্ৰৱ ৷ দৰংগিৰি শৰণীয়া পাৰা আৰু ৰংজুলি গাৰোপাৰাত সন্ত্ৰাস চলালে মেঘালয়ৰ পৰা নামি অহা ৩০/৩৫ টা হাতীৰ জাকে ৷ ধ্বংস কৰিলে কেইবাটাও পৰিয়ালৰ বাসগৃহ, আচবাব পত্ৰ, খাই তহিলং কৰিলে ধান-চাউল ৷


এটা নিশাতে মুকলি আকাশৰ তললৈ আহিব লগা হ’ল কেইবাটাও পৰিয়াল। মেঘালয়ৰ পৰা নামি অহা ৪০/৩৫টা হাতীৰ এটা জাকে অতৰ্কিতে প্ৰৱেশ কৰে দৰংগিৰিৰ অসম-মেঘালয় সীমান্তৰ শৰণীয়াপাৰাত ৷ নিশা গৃহস্থ শুই থকা অৱস্থাতে আক্ৰমণ চলায় বাসগৃহত। লগে লগে কথমপি জীৱনটো হাতত লৈ পলাই প্ৰাণৰক্ষা কৰে কেইবাজনে ৷ গাঁওখনৰ মুঠ ৭টাকৈ বাসগৃহ ভাঙি তচনচ কৰে হাতীৰ জাকটোৱে ৷  কি পকী ঘৰ, কি কেঁচা ঘৰ, বিচনা, চকী–টেবুলৰ লগতে ঘৰৰ সকলো আচবাব ভাঙি লণ্ড-ভণ্ড কৰে ৷


বাৰীৰ কলগছ, তামোল গছ আদি থানবান কৰি থৈ যায়। ঘৰৰ ধান-চাউল খায়ো শেষ কৰে বন্যহস্তীৰ জাকটোৱে৷ ঘৰৰ যিমান সামগ্ৰী আছিলে, এপদ সামগ্ৰীও সাৰি নগ’ল হাতীৰ আক্ৰমণৰ পৰা ৷



ইয়াৰ লগতে একে নিশাই  দুটা ভাগত বিভক্ত হোৱা হাতীৰ আন এটা জাকে বাসগৃহ ভাঙিলে ৰংজুলিৰ গাৰোপাৰাত৷ শৰণীয়াপাৰাৰ নিচিনাকৈ একে অৱস্থা গাৰোপাৰাৰ পৰিয়ালকেইটাৰো ৷


হাতীৰ উপদ্ৰৱ তীব্ৰৰ পৰা তীব্ৰতৰ হৈছে গোৱালপাৰা জিলাত ৷ বিনীদ্ৰ ৰজনী কটাইছে গাঁৱৰ ৰাইজে৷ সকলোৰে এটাই প্ৰশ্ন– কেতিয়া শেষ হ’ব এই হাতী-মানুহৰ সংঘাত? এনে পৰিস্থিতিত হস্তীৰ উপদ্ৰৱৰ পিছতে বন বিভাগৰ বিৰুদ্ধে ক্ষোভ উজাৰা দেখা যায় ৰাইজক।

Published by: Gautam Barman
First published: July 18, 2021, 4:40 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি