உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • Diwali 2021: পোহৰৰ উৎসৱত অঘটন, ৰাজ্যৰ ভিন্ন প্ৰান্তত অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষতি

    Diwali 2021: পোহৰৰ উৎসৱত অঘটন, ৰাজ্যৰ ভিন্ন প্ৰান্তত অগ্নিকাণ্ড, লক্ষাধিক টকাৰ ক্ষতি

    অসাৱধানতাৰে আতচবাজী ফুটোৱাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে। 

    অসাৱধানতাৰে আতচবাজী ফুটোৱাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে। 

    অসাৱধানতাৰে আতচবাজী ফুটোৱাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে। 

    • Share this:

    দীপাৱলীৰ আনন্দৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়। অসাৱধানতাৰে আতচবাজী ফুটোৱাৰ বাবে এনে দুৰ্ঘটনা সংঘটিত হৈছে বুলি ধাৰণা কৰা হৈছে।


    ঢেকীয়াজুলি
    আজি দীপাৱলীৰ সন্ধিয়া ঢেকীয়াজুলিৰ ৫নং ৱাৰ্ডত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। ঢেকীয়াজুলিৰ সাপ্তাহিক বজাৰৰ সমীপত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থকা ফাৰ্নিচাৰৰ গুদামত ফটকাৰ পৰা জুই লাগে৷ জয়নাল আবেদিন, ৰূপক দাস আৰু গুণ তালুকদাৰ নামৰ তিনিজন ব্যক্তিৰ তিনিখন ফাৰ্নিচাৰৰ দোকানত লগা অগ্নিকাণ্ডৰ ফলত ৫০ লক্ষাধিক টকাৰ সা–সম্পত্তি বিনষ্ট হয় বুলি জনায় ব্যৱসায়ীকেইগৰাকীয়ে।


    ৰঙিয়া
    দীপাৱলীৰ আনন্দ–উল্লাসৰ মাজতে ৰঙিয়া নগৰতো হয় ভয়ংকৰ অগ্নিকাণ্ড। দাওদাওকৈ জ্বলি উঠে কেইবাটাও গৃহ। জুই ইমানেই ব্যাপক আছিল যে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুৱাবলৈ আপ্ৰাণ চেষ্টা চলোৱাৰ পিছতো জুই নিৰ্বাপন কৰাত সমস্যাৰ সন্মুখীন হয় বাহিনীটো।


    গোগামুখত ভয়ংকৰ অগ্নিকাণ্ড
    গোগামুখৰ ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ লখিমপুৰ ৰোডৰ ASSAM OILৰ সন্মুখত অগ্নিকাণ্ডৰ খবৰ পোৱা গৈছে। অগ্নিকাণ্ডত গোগামুখত পাঁচখনকৈ দোকান ভস্মীভূত হয়। অৱশ্যে এই অগ্নিকাণ্ড এখন চেলুনৰ দোকানৰ পৰাই হোৱা বুলি সন্দেহ কৰে ৰাইজে৷ এই অগ্নিকাণ্ডত ২৫ লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট হয়।

    Published by:Gautam Barman
    First published: