বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / অসম / ‍BARPETA : বৰপেটাত ৫মহীয়া সন্তানৰ পেটত ভ্ৰুণ, চিকিৎসকে জনালে এই বিৰল ঘটনাৰ কাৰণ

‍BARPETA : বৰপেটাত ৫মহীয়া সন্তানৰ পেটত ভ্ৰুণ, চিকিৎসকে জনালে এই বিৰল ঘটনাৰ কাৰণ

‍BARPETA : বৰপেটাত ৫মহীয়া সন্তানৰ পেটত ভ্ৰুণ, চিকিৎসকে জনালে এই বিৰল ঘটনাৰ কাৰণ

অৱশ্যে ইয়াৰ বাবে চিন্তাৰ কোনো বিশেষ কাৰণ নাই বুলিও কয় চিকিৎসকে ৷

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

বৰপেটাৰোডত অস্বাভাৱিক ঘটনা, ৫মহীয়া সন্তানৰ পেটত ওলাল মৃত ভ্ৰুণ ৷ বৰপেটাৰোডৰ কস্তুৰী মেডিকেল এণ্ড ডায়গ্ন’ষ্টিক চেন্টাৰলৈ চিকিৎসাৰ বাবে অহা এটি ৫মহীয়া সন্তানৰ পেটত এটা মৃত ভ্ৰুণ থকাৰ কথা প্ৰকাশ কৰিছে চিকিৎসকে ৷

শিশুটোৱে অস্বাভাৱিক আচৰণ কৰা আৰু শিশুটোৰ পেটৰ ভিতৰত কোনো টান বস্তুৰ অৱস্থিতি অনুভৱ কৰি শিশুটোৰ মাতৃয়ে চিকিৎসকৰ ওচৰলৈ আনিছিল শিশুটোক৷ চিকিৎসকে ৰোগৰ লক্ষণ অনুমান কৰি ছ’ন’গ্ৰাফী কৰাৰ পিছতেই শিশুটোৰ পেটত মৃত ভ্ৰুণ থকাৰ কথা পোহৰলৈ আহে (5 month old baby has a fetus in his stomach)।

বিজ্ঞাপন

চিকিৎসকে জানিবলৈ দিয়া মতে, এয়া অতি বিৰল ঘটনা৷ চিকিৎসকে জানিবলৈ দিয়া মতে মাতৃয়ে গৰ্ভধাৰণৰ সময়তে শিশুটোৰ পেটত আন এটা ভ্ৰুণে বাহ লৈছিল ৷ প্ৰতি ৫ লাখ শিশুৰ ভিতৰত এটা শিশুৰ ক্ষেত্ৰত এনে ঘটনা ধৰা পৰে ৷ চিকিৎসা বিজ্ঞানৰ ভাষাত ইয়াক ফিটাচ ইন ফিটো (Fetus in fetu) বুলি কোৱা হয় ৷ বিশেষকৈ ল’ৰা শিশুৰ ক্ষেত্ৰতে এনে লক্ষণ অধিক হয় ৷ অৱশ্যে অস্ত্ৰোপচাৰৰ জৰিয়তে মৃত ভ্ৰুণটো আঁতৰাব লাগিব বুলিও জানিবলৈ দিয়ে চিকিৎসকে ৷ অৱশ্যে ইয়াৰ বাবে চিন্তাৰ কোনো বিশেষ কাৰণ নাই বুলিও কয় চিকিৎসকে ৷

অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন