• Home
  • »
  • News
  • »
  • assam
  • »
  • Dudhnoi : হাত কোৰ–চিপৰাং আৰু ত্ৰিৰংগা লৈ দুধনৈৰ মাজ-জাখিলীৰ মহিলাই ব্যতিক্ৰমী ৰূপত পালন কৰিলে আজাদী কা অমৃত মহোৎসৱ

Dudhnoi : হাত কোৰ–চিপৰাং আৰু ত্ৰিৰংগা লৈ দুধনৈৰ মাজ-জাখিলীৰ মহিলাই ব্যতিক্ৰমী ৰূপত পালন কৰিলে আজাদী কা অমৃত মহোৎসৱ

আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি পালন কৰা এনে ব্যতিক্ৰমী কাৰ্যসূচীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি পালন কৰা এনে ব্যতিক্ৰমী কাৰ্যসূচীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি পালন কৰা এনে ব্যতিক্ৰমী কাৰ্যসূচীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷

  • Share this:
হাতে হাতে কোৰ, চিপৰাং লৈ ব্যস্ত দুধনৈৰ মাজ-জাখিলীৰ ৫০–৬০ গৰাকী মহিলা ৷ হাতত ত্ৰিৰংগা লৈ পথাৰলৈ ৰাওঁনা মহিলাৰ এটা দলৰ।

“গছ থাকিলেহে মানুহ থাকিব” “গছ পুলি ৰোপণ কৰক, পৰিৱেশ সেউজীয়া কৰক ৷” এনেবোৰ শ্লোগান আপোনালোকে প্ৰায়ে শুনি থাকে ৷ কিন্তু অসমৰ ভিতৰতে প্ৰথমবাৰৰ বাবে আনুষ্ঠানিকভাৱে গৰুৰ বাবে গছপুলি ৰোপণ কৰিলে দহেলা ৰাজহ গাঁৱৰ একাংশ মহিলাই।

স্বাধীনতা দিৱসৰ “আজাদী কা অমৃত মহোৎসৱৰ” লগত সংগতি ৰাখি মহিলাসকলে বিশাল এখন খালী পথাৰত বিভিন্ন গছপুলি ৰোপণৰ ব্যৱস্থা কৰে ৷ মাটিয়া ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত “ৰংদান গো-মাদ”ৰ ৪০০ বিঘাৰো অধিক মাটিত পথাৰত চৰি থকা গৰুবোৰে যেন কিছু ছাঁ পায় আৰু খাদ্যৰ বাবে যেন ঘাঁহ লাভ কৰিব পাৰে আৰু লগতে গৰু ৰখা গৰখীয়াসকলৰ সুবিধাৰ্থেও এই মহান উদ্দেশ্য আগত ৰাখি মহিলাসকলে এশৰো অধিক গছপুলি ৰোপণ কৰে ৷

আজাদী কা অমৃত মহোৎসৱৰে সংগতি ৰাখি পালন কৰা এনে ব্যতিক্ৰমী কাৰ্যসূচীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷
Published by:Gautam Barman
First published: