আজিৰে পৰা অসমত খুলিব ৱাইনশ্ব’প, ৱেৰহাউছ, জিলাসমূহৰ DCলৈ আবকাৰী বিভাগৰ এইসমূহ নিৰ্দেশনা

সামাজিক দূৰত্ব মানি চলিব লাগিব ৱাইন শ্ব’প, ৱেৰহাউচে।
সামাজিক দূৰত্ব মানি চলিব লাগিব ৱাইন শ্ব’প, ৱেৰহাউচে।
- News18 Assam
- Last Updated: April 13, 2020, 9:31 AM IST
উল্লেখ্য যে, Covid 19ৰ সংক্ৰমণৰোধৰ বাবে চৰকাৰে লকডাউন ঘোষণা কৰাৰে পৰা অসমৰ সকলো সুৰাৰ বিপণী বন্ধ হৈ আছে।
সংবাদমাধ্যম আৰু ক্ষেত্ৰ বিষয়াসকলৰ পৰাএই সময়ছোৱাত ৰাজ্যখনত অবৈধ সুৰা/চুলাইৰ উৎপাদন আৰু বিক্ৰী পূৰ্ণ গতিত চলি থকাৰ ভালেমান খবৰ পোৱা গৈছে। অবৈধ সুৰা/পানীয় সেৱন কৰিলে প্ৰাণ নাশৰো ভয় থাকে। ইফালে মেঘালয় চৰকাৰে ১৩ এপ্ৰিলৰ পৰা সুৰাৰ বিপণী আৰু বণ্ডেড ৱেকহাউছ খুলি দিয়াত অসমে বুজন পৰিমাণৰ আবকাৰী ৰাজহ হেৰুওৱাৰো আশংকাই দেখা দিছিল।
১. নতুন নিৰ্দেশনা অনুসৰি IMFL OFF বিপণীসমূহ দিনৰ ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব।
২. বিপনীসমূহৰ স্বত্বাধিকাৰীয়ে তেওঁৰ প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে যাতে গ্ৰাহকৰ সৈতে সামাজিক দূৰত্ব মানি চলাৰ লগতে Coivd 19 সন্দৰ্ভত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ সমূহ কঠোৰভাৱে মানি চলে সেয়া নিশ্চিত কৰিব লাগিব৷
৩. IMFL OFF বিপণীসমূহে ন্যুনতম কৰ্মচাৰীয়ে কাম চলাব লাগিব আৰু গ্ৰাহক আৰু ষ্টাফক বিপনীখনে ছেনিটাইজাৰ যোগান ধৰিব লাগিব।
৫. পাইকাৰী ৱেৰহাউছ, ডিষ্ট্ৰিবিউটৰ, ব্ৰিৱ্ৰেৰী, বটলিং প্লেণ্ট আদিয়ে যিমান পাৰি কম ষ্টাফেৰে কাম চলাব লাগিব, কিন্তু মুঠ কৰ্মচাৰীৰ ৫০ শতাংশতকৈ অধিক লোকক নিয়োজিত কৰিব নোৱাৰিব।
৬. IMFL OFF বিপণীসমূহে জিলা প্ৰশাসন, আবকাৰী বিভাগ আৰু আৰক্ষীক সম্পূৰ্ণ সহযোগ আগবঢ়াব লাগিব।
৭. Covid 19 নিয়ন্ত্ৰণৰ বাবে National Health Mission নিৰ্দেশাৱলী যথোচিতভাৱে পালন কৰা হৈছে নে নাই, তাক নিৰীক্ষণৰ বাবে আবকাৰী বিষয়া মোতায়েন কৰাৰ কৰ্তৃত্ব থাকিব আবকাৰী অধীক্ষকৰ।
৮. পাইকাৰী ৱেৰহাউছ, বটলিং প্লেণ্ট, ব্ৰিৱেৰী, ডিষ্টিলেৰী আদিয়ে তেওঁলোকৰ ষ্টাফক নিজৰ চৌহদত ৰখাৰ ব্যৱস্থা কৰিব লাগিব আৰু খাদ্য আৰু অন্য ব্যৱস্থা কৰি দিব লাগিব। যদি সেয়া সম্ভৱ নহয়, তেন্তে নিৰ্দিষ্ট থকা ঠাইৰ ব্যৱস্থা কৰি দিব লাগিব লগতে অসীম সেই ঠাইৰ পৰা স্বাস্থ্যসন্মত নীতিনিৰ্দেশনা মানি চলি পৰিবহণৰ ব্যৱস্থা কৰিব লাগিব
৯. পানীয় পৰিবহনৰ বাবে জিলা প্ৰশাসনৰ পৰা যাৱতীয় Pass ল'ব লাগিব
১০. Covid 19 সংক্ৰান্তীয় নীতি-নিয়ম উলংঘা কৰিলে সংশ্লিষ্টসকলৰ আবকাৰী অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব