• Home
  • »
  • News
  • »
  • assam
  • »
  • কাইলৈৰ পৰা ৰাজ্যত সুৰাৰ বিপণী খোলাৰ নিৰ্দেশ আবকাৰী বিভাগৰ

কাইলৈৰ পৰা ৰাজ্যত সুৰাৰ বিপণী খোলাৰ নিৰ্দেশ আবকাৰী বিভাগৰ

  • Share this:
কাইলৈৰ পৰা অসমত খোলা হ’ব সুৰাৰ বিপণী। ইতিমধ্যে আবকাৰী বিভাগে জাৰি কৰিছে নিৰ্দেশনা। কাইলৈৰ পৰা পুৱা ১০ বজাৰ পৰা আবেলি ৫ বজালৈ লকডাউন বিধি পালন কৰি সীমিত কৰ্মচাৰীৰে ৱাইন শ্বপ খোলাৰ অনুমতি প্ৰদান কৰিছে বিভাগে। সামাজিক দূৰত্ব বজাই ৰাখি সুৰাপায়ীয়ে ক্ৰয় কৰিব পাৰিব সুৰা।

উল্লেখযোগ্য যে মেঘালয়তো কাইলৈৰ পৰা সুৰাৰ বিপণী খোলাৰ নিৰ্দেশ দিছে চৰকাৰে। এইপৰ্যন্ত মেঘালয়ত এজনো লোক আক্ৰান্ত হোৱা নাই এই মাৰাত্মক ভাইৰাছত। অসমত এতিয়ালৈ আক্ৰান্ত হৈছে ২৯জন লোক। এজন লোকৰ মৃত্যু হৈছে অসমত।
Published by:Himangshu Bhuyan
First published: