দুখনকৈ বেচৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ চাৰিগৰাকী মেধাৱী শিক্ষাৰ্থীয়ে স্থান লাভ কৰি জিলাখনলৈ কঢ়িয়াই আনিছে সাফল্য। জিলাখনৰ নলবাৰী চহৰস্থিত লিটল ফ্লাৱাৰ স্কুল আৰু শংকৰদেৱ বিদ্যা নিকেতনৰ চাৰিগৰাকীকৈ শিক্ষাৰ্থীয়ে স্থান লাভ কৰি পুনৰ উজলাই তুলিছে নলবাৰী জিলাক ( HSLC Results 2022 and Nalbari District)।
সৰ্বমুঠ ৫৯৬ নম্বৰ লাভ কৰি দ্বিতীয় স্থানত উজলি উঠিছে ভূয়সী মেধি। ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন ভূয়সীৰ। উল্লেখ্য যে ভূয়সীৰ পিতৃ বীৰেন মেধি এগৰাকী চিকিৎসক হোৱাৰ বিপৰীতে মাতৃ তুলিকা মেধি এগৰাকী গৃহিণী।
![]()
একেখন বিদ্যালয়ৰ পৰা সৰ্বমুঠ ৫৯২ নম্বৰ লাভ কৰি হাঁহি বিৰিঙাই তুলিছে মূৰ্ছনা বৰ্মনে।শিক্ষক দম্পতী ব্ৰজেন বৰ্মন আৰু ইন্দ্ৰাণী দত্ত বৰ্মনৰ দুহিতা মূৰ্ছনাৰো ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ মন।
আনহাতে দশম স্থান লাভ কৰি নলবাৰীলৈ গৌৰৱ কঢ়িয়াই আনিলে শংকৰদেৱ বিদ্যা নিকেতনৰ দুগৰাকী শিক্ষাৰ্থীয়ে। নিকেতনখনৰ পৰা সৰ্বমুঠ ৫৮৮ নম্বৰ লাভ কৰি দশম স্থানত উজলি উঠিছে এই গৰাকী দিব্যজ্যোতি লহকৰ। উল্লেখ্য যে দিব্যজ্যোতি লহকৰৰ পিতৃ মলিন চন্দ্ৰ লহকৰ এগৰাকী আৰক্ষী বিষয়া হোৱাৰ বিপৰীতে মাতৃ আভা কলিতা লহকৰ এগৰাকী শিক্ষয়ত্ৰী।
![]()
ভৱিষ্যতে এগৰাকী সু-অভিযন্তা হোৱাৰ মন দিব্যজ্যোতিৰ।একেখন বিদ্যালয়ৰে আন এগৰাকী শিক্ষাৰ্থী ধৃতিস্মিতা ডেকায়ো দশম স্থান লাভ কৰি উঠিছে উজলি।ক্ষুদ্ৰ ব্যৱসায়ী পিতৃ কৰুণা ডেকা আৰু গৃহিণী মাতৃ বিভা ডেকাৰ কন্যা ধৃতিস্মিতাৰ সপোন এগৰাকী চিকিৎসক হোৱা। আৰু এই চাৰি গৰাকী শিক্ষাৰ্থীৰ সাফল্যৰ পিছতে লিটল ফ্লাৱাৰ স্কুল আৰু শংকৰদেৱ বিদ্যা নিকেতনত বৈছে আনন্দৰ বন্যা।হৰ্ষোল্লাসত মতলীয়া হৈ পৰিছে বিদ্যালয় দুখনৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিক্ষক-শিক্ষয়িত্ৰীসকল।
Published by:Gautam Barman
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|