মুখ্যপৃষ্ঠা »খবৰ »অসম »Corona Vaccination: অসমত নিশা ৮ বজালৈ ৩,৩০,৮৪৯ গৰাকীৰ টিকাকৰণ, সঁহাৰিৰ বাবে ৰাজ্যবাসীক প্ৰশংসা স্বাস্থ্যমন্ত্ৰীৰ

Corona Vaccination: অসমত নিশা ৮ বজালৈ ৩,৩০,৮৪৯ গৰাকীৰ টিকাকৰণ, সঁহাৰিৰ বাবে ৰাজ্যবাসীক প্ৰশংসা স্বাস্থ্যমন্ত্ৰীৰ

অসমৰ প্ৰতিষেধক কেন্দ্ৰসমূহৰ পৰা এতিয়াও আৰু যথেষ্ট সংখ্যক অফলাইন পঞ্জীয়নৰ তথ্য আপলোড হ'বলৈ থকালৈ চাই নিশালৈ এই সংখ্যা অধিক পোৱাৰ সম্ভাৱনা আছে।

অসমৰ প্ৰতিষেধক কেন্দ্ৰসমূহৰ পৰা এতিয়াও আৰু যথেষ্ট সংখ্যক অফলাইন পঞ্জীয়নৰ তথ্য আপলোড হ'বলৈ থকালৈ চাই নিশালৈ এই সংখ্যা অধিক পোৱাৰ সম্ভাৱনা আছে।

  • Share this:

দেশৰ লগতে অসমতো নতুন ভেকচিনেচন নীতি অনুসৰি  আজিৰে পৰা আৰম্ভ কৰা ব্যাপক ক'ভিড প্ৰতিষেধক অভিযানলৈ বিপুল সঁহাৰি জনাইছে ৰাজ্যবাসীয়ে। এই অভিযানৰ প্ৰথম দিনাই প্ৰতিষেধক প্ৰদানৰ নিৰ্ধাৰিত দৈনিক লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয় ৰাজ্যখনে। ভাৰত চৰকাৰৰ Co-win প'ৰ্টেলত সোমবাৰে নিশা ৮ বজা পৰ্যন্ত আপলোড হোৱা তথ্য অনুসৰি ৰাজ্যখনৰ ৩,৩০,৮৪৯গৰাকী লোকক আজি প্ৰথম দিনা কোভিড প্ৰতিষেধক প্ৰদান কৰা হৈছে।


তদুপৰি, অসমৰ প্ৰতিষেধক কেন্দ্ৰসমূহৰ পৰা এতিয়াও আৰু যথেষ্ট সংখ্যক অফলাইন পঞ্জীয়নৰ তথ্য আপলোড হ'বলৈ থকালৈ চাই নিশালৈ এই সংখ্যা অধিক পোৱাৰ সম্ভাৱনা আছে। এই অভিযানৰ প্ৰথম দিনাই এনে ব্যাপক সঁহাৰিৰ বাবে ৰাজ্যবাসীক ধন্যবাদ জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। নিশা এক বাৰ্তাত স্বাস্থ্যমন্ত্ৰী মহন্তই কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই লোৱা সিদ্ধান্ত কাৰ্যকৰী কৰি অসমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰীক্ষণ আৰু তদাৰকতাত ৰাজ্য চৰকাৰে আজিৰে পৰা ব্যাপক ক'ভিড প্ৰতিষেধক অভিযান আৰম্ভ কৰি প্ৰথম দিনা নিৰ্ধাৰিত লক্ষ্য সফলতাৰে অতিক্ৰম কৰিবলৈ সফল হৈছে।


এই অভিযানত জৰিত প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰী, চিকিৎসক-স্বাস্থ্যকৰ্মী, আশাকৰ্মী, আৰক্ষী, স্বেচ্ছাসেৱক, শিক্ষককে ধৰি সকলোলৈকে অভিনন্দন জনোৱাৰ লগতে এই ব্যাপক ক'ভিড প্ৰতিষেধক অভিযানৰ প্ৰথমটো দিন সফল কৰি তোলাৰ ক্ষেত্ৰত আগবঢ়োৱা সেৱাৰ বাবে সকলোৰে শলাগ লয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।


উল্লেখ্য যে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি এনএইচএমৰ অভিযান সঞ্চালক ডাঃ এছ লক্ষ্মণন আৰু বিভাগীয় উচ্চ পদস্থ বিষয়াৰ দলসহ কামৰূপ মহানগৰ জিলাৰ তিনিটা, মৰিগাঁৱৰ দুটা আৰু নগাঁও জিলাৰ তিনিটা কোভিড প্ৰতিষেধক কেন্দ্ৰ পৰিদৰ্শন কৰি নাৰ্ছ-স্বাস্থ্যকৰ্মী, আশাকৰ্মী, স্বেচ্ছাসেৱক তথা প্ৰতিষেধক গ্ৰহণকাৰী ৰাইজৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰসমূহত থকা প্ৰতিষেধক প্ৰদান ব্যৱস্থাপনাৰ বুজ লয়। মন্ত্ৰীগৰাকীয়ে নগাঁও জিলাৰ মিচাৰ কেলিডেন চাহ বাগিচা আৰু জখলাবন্ধা মিলন সংঘ কোভিড প্ৰতিষেধক কেন্দ্ৰ ভ্ৰমণৰ সময়ত জিলাখনৰ অভিভাৱক মন্ত্ৰী পীযূষ হাজৰিকা আৰু নগাঁৱৰ উপায়ুক্তও উপস্থিত থাকে।

শেহতীয়া বাতৰি