• Home
  • »
  • News
  • »
  • assam
  • »
  • D-voters in Assam : অসমত ডি-ভোটাৰৰ সংখ্যা হ্ৰাস, ১.২২ শতাংশ কমিল 'ডি-ভোটাৰ', মুখ্য নিৰ্বাচনী বিষয়াই ক'লে হ্ৰাসৰ কাৰণ

D-voters in Assam : অসমত ডি-ভোটাৰৰ সংখ্যা হ্ৰাস, ১.২২ শতাংশ কমিল 'ডি-ভোটাৰ', মুখ্য নিৰ্বাচনী বিষয়াই ক'লে হ্ৰাসৰ কাৰণ

এইবাৰৰ ভোটাৰ তালিকাৰ খচৰা ৯ নৱেম্বৰত আৰু চূড়ান্ত তালিকা ২০২৩ চনৰ ৫ জানুৱাৰীত প্ৰকাশ কৰা হ’ব।

এইবাৰৰ ভোটাৰ তালিকাৰ খচৰা ৯ নৱেম্বৰত আৰু চূড়ান্ত তালিকা ২০২৩ চনৰ ৫ জানুৱাৰীত প্ৰকাশ কৰা হ’ব।

এইবাৰৰ ভোটাৰ তালিকাৰ খচৰা ৯ নৱেম্বৰত আৰু চূড়ান্ত তালিকা ২০২৩ চনৰ ৫ জানুৱাৰীত প্ৰকাশ কৰা হ’ব।

  • Share this:
অসমত কমিছে ডি ভোটাৰৰ সংখ্যা। মুখ্য নিৰ্বাচনী বিষয়া নীতিন খাদে সোমবাৰে কয় যে চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ৭ মাহত অসমত মুঠ ‘ডি’ (সন্দেহজনক) ভোটাৰৰ সংখ্যা ১.২২ শতাংশ হ্ৰাস পাই ১,০১,১০৭জন হৈছে।

খাদে কয় যে ৫ জানুৱাৰীলৈকে নিৰ্বাচনী তালিকা অনুসৰি ৰাজ্যখনত ১,০২,৩৬০ জন ডি ভোটাৰ আছিল, যাৰ ভিতৰত ৩৮,৪৯৬ জন পুৰুষ আৰু ৬৩,৮৬৪ জন মহিলা। ভোটাৰ তালিকা পুনৰীক্ষণৰ পিছত ৩০ জুলাইত এই সংখ্যা ১,০১,১০৭লৈ নামি আহিছে। ইয়াৰ ভিতৰত আছে ৩৮,০০১ গৰাকী পুৰুষ আৰু ৬৩,১০৬ গৰাকী মহিলা।

তেওঁ লগতে কয় যে এজন ডি ভোটাৰে ভোট দিব পাৰিব নে নাই সেইটো নিৰ্ণয় কৰাত নিৰ্বাচন আয়োগৰ কোনো ভূমিকা নাই। "বিদেশী ন্যায়াধীকৰণৰ নিৰ্দেশ আৰু উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী সিদ্ধান্ত অনুসৰি ডি-ভোটাৰ অপসাৰণ বা নিয়মীয়াকৰণ কৰা হয়। যদি আইনী ব্যৱস্থাই কাৰোবাক বিদেশী বুলি ঘোষণা কৰে তেন্তে তেওঁৰ নাম নিৰ্বাচনী তালিকাৰ পৰা আঁতৰাই দিয়া হয়।"

খাদে কয়, "যদি এজন ডি ভোটাৰক ন্যায়পালিকাৰ দ্বাৰা ভাৰতীয় নাগৰিক ঘোষণা কৰা হয়, তেন্তে তেওঁৰ নামৰ পৰা উপসৰ্গ 'ডি' আঁতৰোৱা হয়। এইদৰে ডি ভোটাৰৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে অসমত।

উল্লেখ্য, নিৰ্বাচন আয়োগে ১৯৯৭ চনত অসমত ডি ভোটাৰৰ ধাৰণা প্ৰৱৰ্তন কৰিছিল। ভাৰতৰ আন ক’তো ইয়াৰ উপস্থিতি নাই। জানুৱাৰীৰ পৰা ৭ মাহৰ সময়ছোৱাত অসমত মুঠ ভোটাৰৰ সংখ্যা ২,৩৮,২৫,৫২২জনলৈ বৃদ্ধি পায়। জানুৱাৰী মাহত ৰাজ্যখনত মুঠ ২,৩৭,১০,৮৩৪ জন ভোটাৰ আছিল।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে জনোৱা মতে, ১৮-১৯ বছৰ বয়সত প্ৰথমবাৰৰ বাবে ভোটদান কৰা লোকৰ সংখ্যাও ৭ মাহৰ পূৰ্বে ৪,৭৯,১৩৩ৰ পৰা জুলাই মাহৰ শেষলৈকে বৃদ্ধি পাইছে ৬,০৫,৪২২জন। সোমবাৰে নিৰ্বাচন বিভাগে প্ৰথমবাৰৰ বাবে ভোটদান কৰাসকলৰ বাবে তেওঁলোকৰ বন্ধুত্বপূৰ্ণ অনলাইন ভোটাৰ পঞ্জীয়ন প্ৰ-পত্ৰ মুকলি কৰে। খাদে কয় যে এইবাৰৰ ভোটাৰ তালিকাৰ খচৰা ৯ নৱেম্বৰত আৰু চূড়ান্ত তালিকা ২০২৩ চনৰ ৫ জানুৱাৰীত প্ৰকাশ কৰা হ’ব।
Published by:Gautam Barman
First published:

শেহতীয়া বাতৰি