• Home
  • »
  • News
  • »
  • assam
  • »
  • অসমত পুৰুষতকৈ নাৰীৰ যৌন সংগী বেছি, কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য

অসমত পুৰুষতকৈ নাৰীৰ যৌন সংগী বেছি, কেন্দ্ৰীয় চৰকাৰৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য

অতি সম্প্ৰতি প্ৰকাশ পোৱা National Family Health Surveyত পোহৰলৈ আহিছে এই তথ্য। এই সমীক্ষা পৰিচালনা কৰে কেন্দ্ৰীয় পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে।

  • Share this:
অসমকে ধৰি দেশৰ ১১খন ৰাজ্যত গড় হিচাপত পুৰুষতকৈ মহিলাৰ যৌন সংগী বেছি। আনহাতে এইকেইখন ৰাজ্যত কিন্তু সহধৰ্মিণীক অন্ধকাৰত ৰাখি পৰ নাৰীৰে যৌন সম্ভোগ কৰা পুৰুষৰ সংখ্যা ৪শতাংশ। ইয়াৰ বিপৰীতে, স্বামীৰ অজ্ঞাতে পৰ পুৰুষৰে যৌন সম্বন্ধ ৰখা মহিলাৰ সংখ্যা ০.৫শতাংশ। অতি সম্প্ৰতি প্ৰকাশ পোৱা National Family Health Surveyত পোহৰলৈ আহিছে এই তথ্য। এই সমীক্ষা পৰিচালনা কৰে কেন্দ্ৰীয় পৰিয়াল কল্যাণ মন্ত্ৰণালয়ে। News18.comত প্রকাশ পোৱা মতে সমীক্ষাটোত ১.১ লক্ষ মহিলা আৰু ১ লক্ষ পুৰুষক সাঙুৰি লোৱা হৈছে।

গঁড় হিচাপত মহিলাৰ পুৰুষতকৈ অধিক যৌন সংগী থকা ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহ হৈছে অসম, হাৰিয়ানা, চণ্ডীগড়, ৰাজস্থান, জম্মু কাশ্মীৰ, লাডাখ, মধ্য প্ৰদেশ, কেৰালা, লক্ষ্যদ্বীপ, পুডুচেৰী আৰু তামিলনাডু। উল্লেখযোগ্য যে, ৰাজস্থানে এই শিতানত শীর্ষস্থান লাভ কৰিছে। মৰুভূমিৰ দেশত গঁড় হিচাপত যৌন সংগীৰ পৰিসংখ্যা ৩.১, পুৰুষৰ সংগীৰ পৰিসংখ্যা ১.৮।

এই তথ্যসমূহ পোহৰলৈ অহা পঞ্চমটো National Family Health Survey চলোৱা হৈছিল ২০১৯-২১বর্ষত। আৰু এই সমীক্ষাই স্পৰ্শ কৰিছিল ২৮ ৰাজ্যৰ ৭০৭খন জিলাক। এই তথ্যসমূহ  চৰকাৰে আৰ্থ-সামাজিক মাপকবোৰ নিৰ্ধাৰণ কৰিবলৈ সংগ্ৰহ কৰিছিল যি চৰকাৰক নীতি, আঁচনি প্ৰস্তুত কৰাত সহায় কৰে।
Published by:Sanjay Kumar Das
First published: