মুখ্যপৃষ্ঠা »খবৰ »অসম »''চৰকাৰী কৰ্মচাৰীক এখনো তামোল নুখুৱাব, তেওঁলোকৰ পৰা আপুনিহে তামোল খাওক''- কিয় ক'লে মুখ্যমন্ত্ৰীয়ে?

''চৰকাৰী কৰ্মচাৰীক এখনো তামোল নুখুৱাব, তেওঁলোকৰ পৰা আপুনিহে তামোল খাওক''- কিয় ক'লে মুখ্যমন্ত্ৰীয়ে?

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য

  • Share this:
দিছপুৰত মুখ্যমন্ত্ৰীৰ চকীত বহিয়ে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ভূমিকা গ্ৰহণ কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীল স্থিতি লোৱা মুখ্যমন্ত্ৰীগৰাকী এতিয়াও সেই  স্থিতিতে আছে ৷ সেয়ে বৃহস্পতিবাৰে পুনৰ দোহাৰিলে সেই কথা ৷

মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- চৰকাৰী কৰ্মচাৰীক এখনো তামোল নুখোৱাব ৷ বিপৰীতে চৰকাৰী কৰ্মচাৰীৰ পৰা আপুনি তামোল খাওক ৷ কিয়নো তেওঁলোকক কামৰ বাবদ ৰাজকোষৰ ধন ব্যয় কৰি দৰমহা প্ৰদান কৰা হয় ৷ গতিকে তেওঁলোকে কাম কৰাটো তেওঁলোকৰ দায়িত্ব ৷ তাৰ বিনিময়ত কোনো কৰ্মচাৰীয়ে ধন বিচাৰিব, এয়া হ'ব নোৱাৰে ৷

মুখ্যমন্ত্ৰীয়ে (CM Himanta Biswa Sarma) জনতালৈ আহ্বান জনায়- কোনোবাই ধন বিচাৰিলে লগে লগে প্ৰশ্ন কৰক ৷ কিয় ধন দিব লাগে ৷ কিয় ঘোচ দিব লাগে ৷ চৰকাৰী চকীত বহি চৰকাৰী কাম কৰাটো তেওঁলোকৰ দায়িত্ব ৷ প্ৰয়োজনত কাম কৰি দিয়া কৰ্মচাৰীৰ পৰা জনতাক তামোল খাবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী শৰ্মাই ৷

শুকুৰবাৰে আমিনগাঁওত কৰা এনে মন্তব্যৰ পাছত প্ৰকৃততে চৰকাৰী কৰ্মচাৰীয়ে কি আচৰণ কৰে, সেয়া সময়তহে লক্ষণীয় হ'ব।

শেহতীয়া বাতৰি