পলকতে দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ

৭ জুলাইৰ কেইটামান উল্লেখযোগ্য খবৰ

News18-Assam
Updated:July 7, 2019, 11:42 AM IST
পলকতে দিনটোৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ
৭ জুলাইৰ কেইটামান উল্লেখযোগ্য খবৰ
News18-Assam
Updated: July 7, 2019, 11:42 AM IST
১.বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেলত সন্মুখ সমৰত অৱতীৰ্ণ হ’ব ভাৰত আৰু নিউজীলেণ্ড!শনিবাৰে দক্ষিণ আফ্ৰিকাই অষ্ট্ৰেলিয়াক ১০ ৰানত পৰাস্ত কৰাৰ ফলত পইণ্ট তালিকাৰ শীৰ্ষত উপনীত হয় ভাৰত।

২.চলিত বিশ্বকাপত ৫ টা শতকেৰে অভিলেখ ৰোহিত শৰ্মাৰ। শ্ৰী লংকাৰ বিৰুদ্ধে শনিবাৰে শতক অৰ্জনৰ পিছতে অন্য এক মাইষ্টনত উপনীত হয় ৰোহিত শৰ্মা। শনিবাৰে মেচ খনত ৰোহিত ৯২ বলত সংগ্ৰহ কৰে ১০২ ৰান।

৩.আজি মহেন্দ্ৰ সিং ধোনীৰ ওপজা দিন। আজি ৩৯ বছৰত ভৰি দিলে এম এছ ধোনীয়ে।

১৯৮১ৰ আজিৰ দিনটোতে খেলুৱৈগৰাকীয়ে ৰাঁচীত জন্মগ্ৰহণ কৰিছিল ৰাঁচীত। ২০০৪ত বাংলাদেশৰ বিৰুদ্ধে দেশৰ হৈ প্ৰথমখন এদিনীয়া মেচত অৱতীৰ্ণ হৈছিল ধোনী। এতিয়ালৈকে মুঠ ৩৪৮খন মেচ খেলি সংগ্ৰহ কৰিছে ১০,৭২৩ ৰান, লগতে ৯০খন টেষ্টত সংগ্ৰহ কৰিছে ৪,৮৭৬ ৰান। এদিনীয়াত ১০টা শতক, ৭২টা অৰ্ধশতক ।

৪.দেওবাৰে পুৱা GMCHত মৃত্যুক আকোৱালি লয় পুলকেশ চহৰীয়াই। এতিয়াও GMCHত চিকিত্সাধীন ভণ্ড বাবাৰ প্ৰৰোচনাত উন্মাদ হোৱা পৰিয়ালটো মুৰব্বী যাদৱ চন্দ্ৰ চহৰীয়া। অন্ধ বিশ্বাসৰ কৰাল গ্ৰাসত পৰি কলাইগাৱৰ নিজ বাসগৃহতে তাণ্ডৱ চলোৱা যাদৱ শইকীয়াৰ উন্মাদ পৰিয়ালক আৰক্ষীয়ে গুলীচালনা কৰিবলৈ বাধ্য হৈছিল।

৫.কৰ্ণাটকত গৰা খহিছে কংগ্ৰেছ-জেডিএছৰ। শনিবাৰে ৰাজ্যখনৰ ৮ গৰাকীকৈ কংগ্ৰেছ-জেডিএছ মিত্ৰজোঁটৰ বিধায়কে পদত্যাগ সিদ্ধান্ত লৈ বিধানসভাৰ অধ্যক্ষৰ কাৰ্যালয়ত পদত্যাগ পত্ৰ দাখিল কৰে।লোকসভা নিৰ্বাচনৰ পূৰ্বেই কৰ্ণাটকৰ কেইবাগৰাকীও বিধায়কে কংগ্ৰেছ-জেডিএছ এৰি বিজেপিত যোগ দিয়াৰ চৰ্চা চলিছিল।

৬.আজি অনুষ্ঠিত হৈছে CTET২০১৯। দেশৰ ৯৭খন চহৰত অনুষ্ঠিত হৈছে পৰীক্ষা। CBSE-এ অনুষ্ঠিত কৰিছে এই পৰীক্ষা।

৭.ডিব্ৰুগড়ত চাঞ্চল্যকৰ দিন ডকাইতি। চিলনী চোৰে কাঢ়ি নিলে ১ লাখ ৭০ হাজাৰ টকা।অৰুণ গোহাঁই নামৰ এজন লোকৰ পৰা লুটপাত। এপেক্স বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি। এপেক্স বেংকৰ পৰা উলিয়াই আনিছিল ধনখিনি।

৮.কংগ্ৰেছৰ অধ্যক্ষ পদৰ পৰ ৰাহুল গান্ধীয়ে পদত্যাগ কৰাৰ পিছত এই পদৰ বাবে চৰ্চাত উঠিছে ৰাজস্থানৰ উপ মুখ্যমন্ত্ৰী শচীন পাইলটৰ নাম।

৯.এইবাৰ বৃদ্ধি পালে সোণৰ দাম। প্ৰতি ১০ গ্ৰাম সোণত বাঢ়িল ২৫০ টকাকৈ। বৰ্তমান ১০ গ্ৰাম সোণৰ দাম হৈছে গৈ ৩৩,৯০০ টকা।বাজেটৰ পূৰ্বে ইয়াৰ দাম আছিল ৩৩,৬৫০ টকা।

১০.বাক্সা জিলৰ গোৰেশ্বৰ আৰক্ষীৰ জালত ভুৱা ড্ৰাইভিং লাইচেঞ্চ প্ৰস্তুতকাৰী চক্ৰ। ড্ৰাইভিং লাইচেঞ্চ জালিয়াতিত জড়িত চাৰিজনক ৬ জুলাইত আটক কৰে আৰক্ষীয়ে। আনহাতে আৰক্ষীৰ জেৰাত পোহৰলৈ আহিছে ড্ৰাইভিং লাইচেঞ্চ জালিয়াতিৰ ভংয়কৰ তথ্য।

১১.লামডিং ষ্টেচনত বহু পৰিমাণৰ চোৰাং কাঠ জব্দ।ডিব্ৰুগড়-বেংগালুৰু এক্সপ্ৰেছৰ F-11 ডবাৰ পৰা জব্দ কৰা হৈছে কাঠ খিনি।GRPৰ DSP দীপাংকৰ দত্ত লহকৰৰ নেতৃত্বত অভিযানত জব্দ কৰা হয় কাঠ খিনি।

১২.দক্ষিণ কামৰূপৰ হেকৰাত সংঘটিত হৈছে চাঞ্চল্যকৰ চুৰিকাণ্ড।হেকৰাৰ নেপালীপাৰা গাঁৱৰ। শিক্ষক নীলকান্তৰ ঘৰত লুটপাত চলালে চোৰে। গ্ৰীল খুলি চোৰে লুটি নিলে পাঁচ তোলা সোণ।

১৩.আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ল’লে দক্ষিণ আফ্ৰিকাৰ খেলুৱৈ জে পি ডুমিনি আৰু ইমৰাণ তাহিৰে।

১৪.আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক চিৰ বিদায় জনালে শ্ৰীলংকাৰ তাৰকা বলাৰ লাচিত মালিংগাই। শ্ৰীলংকান ক্ৰিকেটৰ ইতিহাসত এগৰাকী শ্ৰেষ্ঠ বলাৰ হিচাপে সদায়েই চিহ্নিত হৈ ৰ’ব লাচিত মালিংগা।

১৫. মুকলি কৰা হ’ল জুবিন গাৰ্গৰ বহু চৰ্চিত অসমীয়া ছবি কাঞ্চনজংঘাৰ টিজাৰ। টিজাৰটোত জুবিন গাৰ্গক দেখা গ’ল কিছু ব্যতিক্ৰমী ৰূপত। মুকলিৰ পিছতেই ছচিয়েল মিডিয়াত ব্যাপক চৰ্চা।
আৰু চাওক পৰৱৰ্তী বাতৰি