মুখ্যপৃষ্ঠা »খবৰ »অসম »AASU : সদৌ অসম ছাত্ৰ সন্থাৰ 'ছেবা বচাওঁ আহক' শৈক্ষিক সভা সমাপ্ত, সভাত লোৱা হ'ল এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

AASU : সদৌ অসম ছাত্ৰ সন্থাৰ 'ছেবা বচাওঁ আহক' শৈক্ষিক সভা সমাপ্ত, সভাত লোৱা হ'ল এনে গুৰুত্বপূৰ্ণ সিদ্ধান্ত

শৈক্ষিক সভাই গুৱাহাটীকে ধৰি প্ৰতিখন জিলাৰ ন্যূনতম এজন শিক্ষাবিদক লৈ এখন শৈক্ষিক সমিতি গঠন কৰিবলৈ ছাত্ৰ সন্থাক পৰামৰ্শ আগবঢ়ায়।

শৈক্ষিক সভাই গুৱাহাটীকে ধৰি প্ৰতিখন জিলাৰ ন্যূনতম এজন শিক্ষাবিদক লৈ এখন শৈক্ষিক সমিতি গঠন কৰিবলৈ ছাত্ৰ সন্থাক পৰামৰ্শ আগবঢ়ায়।

শৈক্ষিক সভাই গুৱাহাটীকে ধৰি প্ৰতিখন জিলাৰ ন্যূনতম এজন শিক্ষাবিদক লৈ এখন শৈক্ষিক সমিতি গঠন কৰিবলৈ ছাত্ৰ সন্থাক পৰামৰ্শ আগবঢ়ায়।

  • Share this:
    হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল কাণ্ডই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি গুৱাহাটী বিবেকানন্দ কেন্দ্ৰ প্ৰেক্ষাগৃহত সমগ্ৰ অসমৰ প্ৰতিখন জিলাৰ শিক্ষাবিদৰ অংশগ্রহণেৰে ‘ছেবা বচাওঁ আহক, ৰাজ্যিক ব'ৰ্ড বচাওঁ আহক' শীর্ষক চিন্তাৰে এখন শৈক্ষিক সভা অনুষ্ঠিত হয়।

    শৈক্ষিক সভাত আলোচনাৰ অন্তত শিক্ষাবিদসকলে আগবঢ়োৱা পৰামৰ্শৰ আধাৰত শৈক্ষিক সভাই সর্বসন্মতিক্রমে অতি স্পষ্ট আৰু দৃঢ়তাৰে গ্ৰহণ কৰা সিদ্ধান্তসমূহ ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি উৎপল শৰ্মা আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই প্ৰকাশ কৰে।

    এই সিদ্ধান্ত অনুসৰি, অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ই অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল, পৰীক্ষাৰ প্ৰশ্নকাকতৰ কেলেংকাৰিৰ ঘটনাই লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক অনিশ্চয়তাৰ সন্মুখলৈ ঠেলি দিয়া কাৰ্য এক অক্ষমনীয় অপৰাধ ৰূপে গণ্য কৰা হয় আৰু এই অপৰাধত জড়িত সকলোকে কঠোৰ দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰে। কোনো দোষীয়েই যাতে ৰেহাই পাব নোৱাৰে তাৰ প্ৰতি ছাত্ৰ সন্থাই চকু ৰাখিব।

    ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে সন্মুখীন হোৱা শংকা আৰু অনিশ্চয়তাৰ পৰিস্থিতিত শৈক্ষিক সভাই গভীৰ উদ্বিগ্নতা প্রকাশ কৰে আৰু সকলো ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যৎ নিশ্চিতভাৱে সুৰক্ষাৰ বাবে সকলোধৰণৰ ফলপ্ৰসূ পদক্ষেপ ল'বলৈ চৰকাৰক দাবী জনায়। ছাত্ৰ সংগঠনটোৰ মতে, অসম চৰকাৰ আৰু ছেবাৰ ব্যৰ্থতা, ভুলৰ বাবে ছাত্র-ছাত্রীসকলে এনে অনিশ্চয়তাৰ পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হ'ল, সেয়ে লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যৎ নিশ্চিত হ'ব পৰাকৈ চৰকাৰে পদক্ষেপ ল'বই লাগিব বুলি উল্লেখ কৰে।



    শৈক্ষিক সভাই লগতে কয়— ছেবা, সংসদ অর্থাৎ ৰাজ্যিক ব'ৰ্ডসমূহ অসমৰ জাতীয় অনুষ্ঠান। সমগ্ৰ অসমৰ গাঁৱে-ভূঞে, চহৰে-নগৰে থকা মূলতঃ চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠান, মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যিক ব'ৰ্ডৰ অধীনত শিক্ষাগ্ৰহণ কৰে। সমগ্ৰ অসমৰ হাজাৰ হাজাৰ বেচৰকাৰী খণ্ডৰ মাতৃভাষা মাধ্যমৰ শিক্ষানুষ্ঠান, ইংৰাজী মাধ্যমৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্যিক ব'ৰ্ডৰ অধীনত শিক্ষাগ্ৰহণ কৰি আহিছে। সেয়েহে ৰাজ্যিক ব'ৰ্ডৰ বিশ্বাসযোগ্যতা ৰক্ষা হ'বই লাগিব। শেহতীয়া ঘটনাই ম্লান কৰা ছেবাৰ গৌৰৱ পুনৰ ঘূৰাই আনিবই লাগিব।
    ছেবা, সংসদ অর্থাৎ ৰাজ্যিক ব'ৰ্ডসমূহক উদ্দেশ্যপ্রণোদিত, পৰিকল্পিতভাৱে নিঃশেষ কৰিবলৈ এক ষড়যন্ত্র চলি আহিছে। এই ষড়যন্ত্ৰ ওফৰাই ৰাজ্যিক ব'ৰ্ডসমূহক ৰক্ষা কৰিবই লাগিব। ছেবা, সংসদ অর্থাৎ ৰাজ্যিক ব'ৰ্ডসমূহক শীঘ্ৰেই পুনর্গঠন কৰিব লাগিব। অসমৰ বিশিষ্ট শিক্ষাবিদ, বিশিষ্ট নাগৰিক, কাৰিকৰী বিশেষজ্ঞক লৈ ৰাজ্যিক ব'ৰ্ডৰ পৰিচালনাৰ বাবে শক্তিশালী পৰিচালনা সমিতি গঠন কৰিব লাগিব। এই পৰিচালনা সমিতিক স্বতন্ত্রভাৱে শৈক্ষিক সিদ্ধান্ত ল'বলৈ সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিব লাগিব। ৰাজ্যিক ব'ৰ্ডক ৰাজনৈতিক হস্তক্ষেপৰ পৰা সম্পূর্ণভাৱে মুক্ত কৰি ৰাখিব লাগিব।

    ইয়াৰ লগতে শৈক্ষিক সভাই লোৱা সিদ্ধান্ত মতে,

    (ক) ছেবা, সংসদ অর্থাৎ ৰাজ্যিক ব'ৰ্ডৰ মুৰব্বীগৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সমপৰ্যায়ৰ হ'ব লাগিব। বিশিষ্ট শিক্ষাবিদ, পণ্ডিত ব্যক্তিক এই দায়িত্ব দিব লাগিব। নিকা ভাবমূৰ্ত্তিৰ বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা গঠিত সন্ধান সমিতি (Search committee)ৰ দ্বাৰা ৰাজ্যিক ব'ৰ্ডৰ মুৰব্বী গৰাকী নিযুক্তি দিব লাগিব। ছেবাৰ মুৰব্বী, পৰীক্ষা নিয়ন্ত্রককে ধৰি সকলো গুৰুত্বপূৰ্ণ পদৰ কাৰ্য্যকাল নিৰ্দ্দিষ্ট সময়ৰ বাবে হ'ব লাগিব। তিনি বছৰৰ অধিক এই কাৰ্য্যকাল হ'ব নালাগিব।

    (খ) যিহেতু ছেবাই উপৰ্যুপৰি ছাত্ৰ-ছাত্ৰীৰ মূল পৰীক্ষা পৰিচালনাত ব্যৰ্থ হৈছে সেয়ে ছেবা, সংসদ অর্থাৎ ৰাজ্যিক ব'ৰ্ডক ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক কাম-কাজ, ছাত্ৰ-ছাত্ৰীৰ মূল পৰীক্ষা অনুষ্ঠিত কৰা কামৰ বাহিৰে আন কোনো চৰকাৰী পৰীক্ষা অনুষ্ঠিত কৰাকে ধৰি আন আন কামত জড়িত কৰিব নালাগিব।

    (গ) ছেবা, সংসদ অর্থাৎ ৰাজ্যিক ব'ৰ্ডে পৰীক্ষাৰ প্ৰশ্নকাকত কেনেকৈ প্ৰস্তুত কৰিব, কেনেকৈ বিতৰণ কৰিব, শিক্ষক, আৰক্ষী চকীৰ বিষয়া কেনেধৰণে জড়িত হ'ব সেই কথা সুনিৰ্দিষ্ট কৰা আছে। মূলতঃ ছেবা অর্থাৎ ৰাজ্যিক ব'ৰ্ডৰ পৰিচালনাত এই কাম কাৰ্যকৰী হয়। ব'ৰ্ডৰ গাফিলতি নোহোৱাকৈ প্ৰশ্নকাকত ফাদিল হ’ব নোৱাৰে। এই গাফিলতি আৰু সুৰুঙাসমূহ বন্ধ কৰিবলৈ যাৱতীয় ব্যৱস্থা ল'বই লাগিব। প্রশ্নকাকত ফাদিলৰ দৰে জঘন্য কার্যত কেইজনমান শিক্ষক জড়িত হোৱাটো অত্যন্ত গর্হিত লজ্জাজনক কাম। একে সময়তে সংশ্লিষ্ট আৰক্ষী চকীৰ পৰীক্ষাৰ প্ৰশ্নকাকত সুৰক্ষাৰ দায়িত্বত থকা বিষয়াকো তদন্তৰ আওতালৈ আনিব লাগিব ।



    শৈক্ষিক সভাৰ আলোচনা কালত কোৱা হয়— পৰীক্ষাৰ প্ৰশ্নকাকত থানাত ৰখাৰ ব্যৱস্থা কৰা হয়। আৰক্ষী চকীৰ বিষয়াক 'চিকিউৰিটি চুপাভাইজৰ বিষয়া' হিচাপে নিয়োগ দিয়াৰ লগতে এই কামৰ বাবে বিষয়াজনক মাননী দিয়াৰ ব্যৱস্থা আছে। পৰীক্ষা কেন্দ্ৰৰ মুৰব্বীৰ লগতে এই আৰক্ষী বিষয়াও দায়ৱদ্ধ হ'ব লাগিব। বিষয়টোৰ লগত এজন অতিৰিক্ত নিৰীক্ষককো দায়িত্ব দিব লাগিব। পৰীক্ষাৰ প্ৰশ্নকাকত বিতৰণ কৰাৰ আগতে প্রশ্নকাকত সুৰক্ষিত ঠাইত ৰখাৰ ব্যৱস্থা কৰিব লাগিব। উন্নত প্রযুক্তিগত ব্যৱস্থাৰ সম্পূৰ্ণ প্ৰয়োগ কৰিব লাগিব।

    উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ ৰসায়ন বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ ৰাজহুৱা অভিযোগৰ তদন্ত সম্পূৰ্ণ হোৱা বুলি প্ৰকাশ পাইছে। এই কথা পতিয়নযোগ্য হোৱা নাই। সেয়ে বিষয়টো সম্পূর্ণভাৱে নিৰপেক্ষ তদন্ত কৰি বিশ্বাসযোগ্যতা প্রতিষ্ঠা কৰিবলৈ সভাই দাবী জনাইছে। শৈক্ষিক সভাই গুৱাহাটীকে ধৰি প্ৰতিখন জিলাৰ ন্যূনতম এজন শিক্ষাবিদক লৈ এখন শৈক্ষিক সমিতি গঠন কৰিবলৈ ছাত্ৰ সন্থাক পৰামৰ্শ আগবঢ়ায়।

    উল্লেখ্য, আজিৰ সভাত ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে ভিন্ন জিলাৰ ৫৪গৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ, উপাধ্যক্ষ, কৃতী শিক্ষকৰ লগতে বিশিষ্ট নাগৰিকে অংশগ্ৰহণ কৰে।

    শেহতীয়া বাতৰি