আজি জনতা ভৱনত অনুষ্ঠিত হয় অসম কেবিনেটৰ বৈঠক। বৈঠকত শক্তি খণ্ডৰ উৎকৰ্ষ সাধন, আৰক্ষীৰ প্ৰশিক্ষণত অৱসৰপ্ৰাপ্ত সেনা, বিদ্যুৎ ক্ষতিৰ সৈতে মোকাবিলা, এ চি এছ আৰু এ পি এছ বিষয়াৰ দৰমহা তথা পদোন্নতিত সমতা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দিশত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।
বিদ্যুৎ ক্ষতিৰ সৈতে মোকাবিলাৰ ক্ষেত্ৰত ৰাজ্যত ৫৮ লাখ স্মাৰ্ট মিটাৰ বহুওৱাৰ বাবে অনুমোদন দিয়া হয়। ইতিমধ্যে বহু স্থানত স্মাৰ্ট মিটাৰ বহুওৱাৰ কাম চলি আছে। পুৰণি আৰু নতুন স্মাৰ্ট মিটাৰ দুয়োটাই মানুহৰ ঘৰত এমাহ থাকিব। বিল বেছি আহিলে পুৰণি স্মাৰ্ট মিটাৰ উঠাই দিয়া হ’৸ব।
ইয়াৰ লগতে শক্তিখণ্ডৰ উৎকৰ্ষ সাধনৰ বাবে হাটশিঙিমাৰী, ছালাকাটি, বৰপেটাত ৩টা পাৱাৰগ্ৰীড প্ৰকল্পৰ বাবে ৫৬.৭৬ কোটি টকাৰ অনুমোদন কেবিনেটৰ। ইয়াৰ জৰিয়তে বিদ্যুৎ খণ্ডৰ উন্নয়নৰ জৰিয়তে ৩০ লাখ গ্ৰাহক উপকৃত হ'ব।
আজিৰ কেবিনেটত অসম আৰক্ষীক অধিক শক্তিশালী কৰাৰ লক্ষ্য লোৱা হয়। সেই অনুসৰি অসম আৰক্ষীত ৩৪জন অৱসৰপ্ৰাপ্ত সেনা বিষয়াক অতিৰিক্ত আৰক্ষী অধীক্ষক (প্ৰশিক্ষণ) ৰূপে নিযুক্ত কৰা হ'ব। ইয়াৰ দ্বাৰা আৰক্ষী বেটেলিনৰ প্ৰশিক্ষণ কাৰ্যসূচী শক্তিশালী কৰা হ'ব।
এ চি এছ আৰু এ পি এছ বিষয়াৰ দৰমহা, পদোন্নতিত সমতা অনাৰ বাবে দুয়োটা সেৱাৰ বিষয়াসকলৰ দৰমহা আৰু পদোন্নতিত (নিৰ্বাচন গ্ৰেড পৰ্যায়লৈকে) সমতা অনাত অনুমোদন।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|