• Home
  • »
  • News
  • »
  • assam
  • »
  • Cabinet Decision : ১৫ বছৰ পুৰণি গাড়ীৰ কি হ'ব? শিক্ষাৰ্থীলৈ ১৬ হাজাৰ টকা প্ৰদানৰ পৰা অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতিলৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

Cabinet Decision : ১৫ বছৰ পুৰণি গাড়ীৰ কি হ'ব? শিক্ষাৰ্থীলৈ ১৬ হাজাৰ টকা প্ৰদানৰ পৰা অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতিলৈ, কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত

পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিসকলৰ দৰমহা বৃদ্ধিৰো সিদ্ধান্ত

পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিসকলৰ দৰমহা বৃদ্ধিৰো সিদ্ধান্ত

পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিসকলৰ দৰমহা বৃদ্ধিৰো সিদ্ধান্ত

  • Share this:
জনতা ভৱনত মঙলবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত লোৱা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত কেবিনেট বৈঠকৰ সিদ্ধান্তৰ বিষয়ে সংবাদ মাধ্যমক সম্বোধন কৰে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু কেশৱ মহন্তই।

কেবিনেটৰ আন গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ  (Assam cabinet decision) এটা আছিল চৰকাৰে প্ৰতিবছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ শিক্ষাৰ্থীক প্ৰদান কৰি অহা আনন্দৰাম বৰুৱা বঁটাক লৈ। এই বঁটা অনুসৰি পূৰ্বৰ দৰে লেপটপ বা ডেস্কটপ প্ৰদান পৰিৱৰ্তে এতিয়া ১৬ হাজাৰকৈ টকা প্ৰদান কৰা হ'ব শিক্ষাৰ্থীসকলক।

ৰাজ্য চৰকাৰে গঠন কৰা ৭টা উপগোট তথা সমিতিৰ পৰামৰ্শ অনুসৰি ৰাজ্যিক কেবিনেটে অসমৰ ইছলাম ধৰ্মাৱলম্বীৰ পাঁচটা জনগোষ্ঠীয় লোকলৈ অসমীয়া খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি প্ৰদানত অনুমোদন জনায়। এইকেইটা হৈছে গৰিয়া, মৰিয়া, দেশী, জলাহ আৰু ছৈয়দ।

ৰাজ্যিক কেবিনেট বৈঠকত ৰাজ্যৰ পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিসকলৰ দৰমহা বৃদ্ধিৰো সিদ্ধান্ত গ্ৰহণ কৰা হয়। এইক্ষেত্ৰত পৌৰপতিসকলৰ দৰমহা ১০ হাজাৰৰ পৰা ১৫ হাজাৰ আৰু উপ-পৌৰপতি সকলৰ দৰমহা ৭ হাজাৰৰ পৰা ১২ হাজাৰ টকালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। ইয়াৰ লগতে সদস্যৰ দৰমহাও ৫ হাজাৰৰ পৰা ১০ হাজাৰলৈ বৃদ্ধি কৰা হৈছে ।

এণ্ড অৱ লাইফ বাহনৰ চলাচল বাতিল কৰাটো নিশ্চিত কৰিবলৈ অসম বাহন স্ক্ৰেপেজ নীতি ২০২২ত অনুমোদন। সেই অনুসৰি এতিয়াৰে পৰা ফিটনেচ নথকা গাড়ী স্ক্ৰেপ হিচাপে গণ্য কৰা হ'ব। চৰকাৰৰ ১৫ বছৰ পুৰণি গাড়ী স্ক্ৰেপ হিচাপে চিহ্নিত হ'ব। পুৰণি বাহনসমূহ প্ৰদূষণ সৃষ্টিৰ কাৰক বাবে বাহনসমূহ নষ্ট কৰা, পুনৰ ব্যৱহাৰযোগ্য কৰা সন্দৰ্ভত নীতি প্ৰস্তুতৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। পুৰণি বাহনৰ গৰাকীয়ে নতুন বাহন ক্ৰয় কৰিলে নষ্ট কৰা বাহনৰ বাবে নতুন বাহনত ২৫ শত‍াংশ পৰ্যন্ত ৰেহাই পাব।

প্ৰাক্তন সৈনিক তথা তেওঁলোকৰ বিধৱা পত্নীসকলৰ বাবে সম্পত্তি কৰ ৰেহাই দিয়াৰ সিদ্ধান্ত। এইক্ষেত্ৰত গুৱাহাটী পৌৰ নগম আইন ১৯৬৯ আৰু অসম পৌৰ আইন ১৯৫৬ৰ সংশোধনী কৰা হ'ব।
Published by:Gautam Barman
First published: