কামৰূপ মহানগৰ জিলাৰ জলজীৱন মিছনৰ ৭ টা পানী যোগান আঁচনিৰ অধীনত ১০১৭ টা খোৱা পানীৰ গৃহ সংযোগ শনিবাৰে আনুষ্ঠানিক হস্তান্তৰ কৰা হয়। হিতাধিকাৰীসকলক আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰাৰ অৰ্থে শনিবাৰে পুৱা চাৰে দহ বজাত পশ্চিম গুৱাহাটীৰ কাঁহিকুছি গাঁও পঞ্চায়তৰ কুঁৱৰীগাঁও পানী যোগান আঁচনি আৰু আমছিং গাঁও পঞ্চায়তৰ ঝৰ্ণাৱস্তি পানী যোগান আঁচনিৰ প্ৰাঙ্গণত পৃথকে পৃথকে একোখনকৈ সভা অনুষ্ঠিত কৰা হয়।
গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকল উপস্থিত থকা এই হস্তান্তৰকৰণ কাৰ্যসূচীৰ কাঁহিকুছি গাঁও পঞ্চায়তত অনুষ্ঠিত অনুষ্ঠানত জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে হিতাধিকাৰীসকলক পানী যোগানৰ গৃহ সংযোগ হস্তান্তৰ কৰাৰ বিপৰীতে আমছিং গাঁও পঞ্চায়তৰ ঝৰ্ণাবস্তি পানী যোগান আঁচনি হস্তান্তৰ কাৰ্যসূচীত দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাৰ উপৰি জিলা উন্নয়ন আয়ুক্ত নিবেদন দাস পাটোৱাৰী, অতিৰিক্ত উপায়ুক্ত গৌৰী শংকৰ দাস উপস্থিত থাকে।
সভাত বক্তৃতা প্ৰদান কৰি বিধায়কগৰাকীয়ে খোৱাপানীৰ গৃহ সংযোগ নিজৰ সম্পত্তিৰ দৰে ৰক্ষণাবেক্ষণ তথা আঁকোৱালি ল’বলৈ হিতাধিকাৰীসকলৰ প্ৰতি আহ্বান জনায়।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|