'হাতত নাই কাম, কেনেকৈ চলিম, কি খাম! ল’ক ডাউনে অন্ধকাৰ নমাই আনিছে মুখা আৰু ভাস্কৰ্য শিল্পীসকলৰ জীৱনলৈ

News18 Assam | News18-Assam
Updated:August 1, 2020, 2:44 PM IST
'হাতত নাই কাম, কেনেকৈ চলিম, কি খাম! ল’ক ডাউনে অন্ধকাৰ নমাই আনিছে মুখা আৰু ভাস্কৰ্য শিল্পীসকলৰ জীৱনলৈ
কোভিড-১৯ অতিমাৰীৰ প্ৰভাৱে অন্যান্য ক্ষেত্ৰৰ লগতে মুখা আৰু ভাস্কৰ্য শিল্পী সকলৰ জীৱনলৈও এতিয়া নমাই আনিছে চৰম দুৰ্দশা।

কোভিড-১৯ অতিমাৰীৰ প্ৰভাৱে অন্যান্য ক্ষেত্ৰৰ লগতে মুখা আৰু ভাস্কৰ্য শিল্পী সকলৰ জীৱনলৈও এতিয়া নমাই আনিছে চৰম দুৰ্দশা।

  • Share this:
সমগ্ৰ বিশ্বতে এতিয়া কোভিড-১৯ৰ ভয়াৱহতা। ল’ক ডাউনত স্তব্ধ হৈ পৰিছে জনজীৱন।কোভিড-১৯ অতিমাৰীৰ প্ৰভাৱে অন্যান্য ক্ষেত্ৰৰ লগতে মুখা আৰু ভাস্কৰ্য শিল্পী সকলৰ জীৱনলৈও এতিয়া নমাই আনিছে চৰম দুৰ্দশা। তেওঁলোকৰ হাতত এতিয়া নাই কাম, ফলত এতিয়া পানীত হাঁহ নচৰা অৱস্থা হৈছে এই সকল শিল্পীৰ। ৰাজহুৱা অনুষ্ঠান, ভাওনা, নাট, উৎসৱ আদি অনুষ্ঠান কোৰোণা ভাইৰাছৰ ফলত বন্ধ হৈ পৰাত মুখা আৰু ভাস্কৰ্য শিল্পৰ লগত জড়িত শিল্পী সকলৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে।

মুখা আৰু ভাস্কৰ্য শিল্পৰ লগত ১৯৯৫ চনৰ পৰা জড়িত মৰিয়নীৰ বেলতল জাপি সজিয়া গাঁৱৰ নৃপেন গগৈ নামৰ শিল্পী জনক ল’ক ডাউনে অৰ্থনৈতিক ভাৱে কোঙা কৰি পেলোৱাৰ লগতে উপাৰ্জনৰ পথ বন্ধ হৈ পৰাত শিল্পীজনৰ পৰিয়ালটোৱে এতিয়া দুৰ্ভোগ ভুগিবলগীয়া হৈছে।



নৃপেন গগৈৰ লগতে পোন্ধৰজন সহযোগী শিল্পীও বৰ্তমান কৰ্মহীন হৈ এতিয়া বেলেগ কৰ্মৰ সন্ধান কৰিবলৈ বাধ্য হৈছে। উল্লেখ্য যে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ বাবে মূল তোৰণ নিৰ্মাণৰ লগতে নামঘৰৰ গুৰু আসন, মূৰ্তি আদি বিভিন্ন ভাস্কৰ্য নিৰ্মাণৰ কাম কৰা নৃপেন  গগৈৰ সমগ্ৰ উজনি অসমতে আছে সুনাম। বৰ্তমান ল’ক ডাউন কিছু শিথিল হ'ল যদিও দুমাহে এটাও নতুন কাম হাতলৈ নহাত ভৱিষ্যতৰ অনিশ্চিয়তাত ভুগিছে শিল্পীগৰাকী।

শিল্পীগৰাকীয়ে সাংবাদিকৰ আগত দুখেৰে কয় যে, 'ল’ক ডাউনে আমাক একেবাৰে বিধস্ত কৰি পেলালে। হাতত বৰ্তমান এটা কামো নাই। এইটো কাম কৰিয়ে যেনে তেনে খাই আহিছিলো। এতিয়া কি কৰি খাম।’  শিল্পীজনে ল’ক ডাউনৰ সময়ত চৰকাৰী ভাৱে একো সাহাৰ্য লাভ কৰা নাই বুলিও ক্ষোভ প্ৰকাশ কৰে।
Published by: Himangshu Bhuyan
First published: August 1, 2020, 2:44 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading