ছয় জনগোষ্ঠীক জনজাতিকৰণৰ নামত চৰকাৰে প্ৰতাৰিত কৰাৰ প্ৰতিবাদত আজি ছয় জনগোষ্ঠীয় যৌথ মঞ্চই আহ্বান জনোৱা বাৰ ঘন্টীয়া অসম বন্ধ চৰাইদেউ জিলাত সৰ্বাত্মক আছিল।
বন্ধৰ সময়ছোৱাত জিলাখনৰ সদৰ সোণাৰি নগৰৰ লগতে জিলাখনৰ অন্তৰ্গত সাপেখাটি, বৰহাট, নামতোলা, মৰাণ, মথুৰাপুৰ, চেপন আদিত বন্ধ হৈ পৰিছিল যান-বাহনৰ চলাচল। তদুপৰি সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে বিত্তীয় প্ৰতিষ্ঠান, বেংক, বিদ্যালয়-মহাবিদ্যালয় আদি সম্পূৰ্ণ ৰূপে বন্ধ আছিল।
চৰকাৰী কাৰ্যালয়তো উপস্থিতিৰ হাৰ নগণ্য হোৱা পৰিলক্ষিত হয়। ইফালে জিলা সদৰ সোণাৰি নগৰত পুৱাৰ পৰাই ঠায়ে ঠায়ে নিৰাপত্তাৰক্ষী মোতায়েন কৰে প্রশাসনে। ইপিনে সোণাৰিত চাৰিজন বন্ধ সমৰ্থকক আটক কৰে সোণাৰি আৰক্ষীয়ে। বন্ধৰ সমৰ্থনত ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ সাব্যস্ত কৰোঁতেই চাৰিগৰাকী টাইপা নেতাক আটক কৰে সোণাৰি আৰক্ষীয়ে।
টাইপা নেতাকেইগৰাকী হৈছে ভৱানন্দ বৰগোহাঁই (যুটীয়া সম্পাদক, চৰাইদেউ জিলা টাইপা), প্ৰাণজিত মহন আৰু প্ৰজ্ঞান মহন (সহঃ সম্পাদকদ্বয় চৰাইদেউ জিলা টাইপা) আৰু বাস্তৱ ফুকন (সভাপতি ডবা আঞ্চলিক টাইপা)। ইফালে সাপেখাটিতো সাপেখাটি আৰক্ষীয়ে চাৰিগৰাকী প্ৰতিবাদকাৰী টাইপা সদস্যক আটক কৰা বুলি জানিব পৰা গৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|