BIG EXPOSE! প্ৰব্ৰজনকাৰীৰ বোকোচাত উঠি ৰাজনীতিৰ পথাৰলৈ আছু-AJYCP! পৰামৰ্শদাতা কমিটীৰ প্ৰতিবেদনত হ’ল স্পষ্ট

ৰাজনৈতিক দল গঠনৰ ক্ষেত্ৰত শুকুৰবাৰে আৰু এখোজ আগুৱালে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।
ৰাজনৈতিক দল গঠনৰ ক্ষেত্ৰত শুকুৰবাৰে আৰু এখোজ আগুৱালে সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ।
- News18 Assam
- Last Updated: September 11, 2020, 5:43 PM IST
১৯৮৫ চনত ছবছৰীয়া অসম আন্দোলনৰ অন্তত সদৌ অসম ছাত্ৰ সন্থাৰ ঔৰষত জন্ম লাভ কৰিছিল ৰাজ্যৰ প্ৰধান আঞ্চলিক দল অসম গণ পৰিষদে ৷ দুবাৰকৈ দিছপুৰৰ গাদী দখল কৰিছিল অসম গণ পৰিষদে ৷ বৰ্তমানো বিজেপিৰে মিত্ৰতা কৰি চৰকাৰৰ অংশ হৈ আছে আছুৱে জন্ম দিয়া অগপ ৷ কিন্তু নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ সময়ত অসম গণ পৰিষদে লোৱা দুৰ্ভাগ্যজনক স্থিতিক সমালোচনা কৰি পুনৰ আছুৱে জন্ম দিবলৈ সাজু হৈছে এটা নতুন আঞ্চলিক ৰাজনৈতিক দল। ইতিমধ্যে হৈ গ’ল দলৰ জন্ম, মাথো বাকী আছে দলৰ নামাকৰণ।
অহা ১৫ ছেপ্তেম্বৰত ৰাজহুৱা হ’ব দলটোৰ নাম। গঠন হ'ব পুৰ্ণাঙ্গ আহ্বায়ক কমিটী। কিন্তু দল গঠন কৰিলেও আছু আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সম্পূৰ্ণ অৰাজনৈতিক হৈ থাকিব বুলি মন্তব্য কৰিছে সংগঠন দুটাৰ নেতাসকলে।
প্ৰতিবেদন লিখা আছে- ‘অসম চুক্তিয়ে নাগৰিকত্ব দিয়া ১৯৫১-৭১ চনৰ সময়ছোৱাত ভাষা-ধৰ্ম নিৰ্বিশেষে সকলো প্ৰব্ৰজনকাৰীকে নতুন আঞ্চলিকতাবাদী ৰাজনৈতিক দলটোৰ ভেটি সুদৃঢ় কৰিবলৈ পৰামৰ্শদাতা কমিটীয়ে আহ্বান জনাইছে।’- এই কথাই এতিয়া বিশেষ তাত্পৰ্যবহন কৰিছে।
লগতে অসম চুক্তিৰ ছয় নং দফা কমিটীৰ প্ৰতিবেদনকে ল'ব দলটোৰ আধাৰ হিচাপে। এই ক্ষেত্ৰত প্ৰতিবেদনত লিখা আছে যে, ‘সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতৃত্বত জাতীয়তাবাদী আদৰ্শত এক আঞ্চলিক ৰাজনৈতিক দল গঠন কৰাটো সময়ৰ দাবী। এই ক্ষেত্ৰত প্ৰতিটো জনগোষ্ঠীয়ে সচেতন লোকক দলটোৰ নেতৃত্বলৈ অনাৰ প্ৰয়োজন হ’ব। অসম চুক্তি আৰু অসম চুক্তিৰ ৬ নং দফাৰ প্ৰসংগত বিশেষ কমিটীখনে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাখিল কৰা প্ৰতিবেদনখনেই প্ৰস্তাৱিত দলটোৰ কৰ্মসূচীৰ এক আধাৰ হ’ব পাৰে। বিধানসভা, সংসদ, স্থানীয় নিকায়ত আসন সংৰক্ষণ আৰু চৰকাৰী, বে-চৰকাৰী খণ্ডৰ চাকৰি সংৰক্ষণৰ প্ৰতি প্ৰতিবেদনত থকা ছাত্ৰ সন্থাৰ পৰামৰ্শৱলী গ্ৰহণযোগ্য। ভাষা-সংস্কৃতিৰ বিকাশ আৰু খিলঞ্জীয়াৰ বাবে মাটি সংৰক্ষণ পৰামৰ্শৱলীও গ্ৰহণযোগ্য।’
যি সময়ত ছয় নং দফা কমিটীৰ প্ৰতিবেদন একাংশই বিৰোধিতা কৰিছে সেই সময়ত সেই সমিতিৰ প্ৰতিবেদনক সকলোৱে মানি ল'বনে? প্ৰশ্ন উঠিছে, শুকুৰবাৰৰ গুৰুত্বপূৰ্ণ দিনটোত আছুৰ উপদেষ্টা ড৹ সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ অনুপস্থিতিকলৈও ৷ বৈঠকত উপস্থিত থকা লুৰিণ, দীপাংকই যি অজুহাতেই নেদেখুৱাওক, সমুজ্বল কুমাৰ ভট্টাচাৰ্য যে প্ৰস্তাৱিত ৰাজনৈতিক দলৰ বিৰোধী সেয়া স্পষ্ট ৷