ৰাজ্যত পুনৰ ১৮ জুনলৈ নেৰানেপেৰা ধাৰাসাৰ বৰষুণৰ সতৰ্কবাণী জাৰি কৰিলে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বান পানীৰ লগতে নেৰানেপেৰা বৰষুণত গুৱাহাটী মহানগৰী কৃত্ৰিম বানত ডুব যোৱাৰ সময়তে পুনৰ ধাৰাসাৰ বৰষুণৰ আগজাননী। বে অফ বেংগল সাগৰপৃষ্ঠত উৎপত্তি হোৱা ধুমুহাৰ ফলত উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যত মৌচুমীৰ প্ৰভাৱ পৰিছে (IMD issues red alert in Assam amid heavy rains and floods)।
অহা ২৪ ঘণ্টাৰ ভিতৰত অসম-মেঘালয়ৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণ হোৱাৰ উপৰি কিছু ঠাইত পাতলীয়া বৰষুণৰ লগতে বিজুলী-ঢেৰেকনিৰ যথেষ্ট সম্ভৱনা আছে। বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কৰা সতৰ্কবাণী অনুসৰি অহা ১৮ জুনলৈ অসম-মেঘালয়ৰ বিভিন্ন স্থানত ধাৰাসাৰ বৰষুণৰ লগতে আকাশত বিজুলী-ধেৰেকনিৰ আশংকা আছে।
তদুপৰি অহা ১৯ আৰু ২০ জুনলৈ অসম-মেঘালয়ৰ কিছু কিছু ঠাইত ধাৰাসাৰ বৰষুণ আৰু কিছু ঠাইত বিজুলী ঢেৰেকনিৰ লগতে পাতলীয়া বৰষুণ আহিব। ঠিক তেনেদৰে অসম মেঘালয়ৰ লগতে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ কিছু কিছু ঠাইত আজিৰে পৰা অহা ২০ জুনলৈ ধাৰাসাৰ বৰষুণ আহিব বুলি জানিবলৈ দিয়ে বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ জ্যেষ্ঠ বতৰ বিজ্ঞানীয়ে।