• Home
  • »
  • News
  • »
  • assam
  • »
  • By Election Assam : মুখ্যমন্ত্ৰীৰ অনুৰোধত তামুলপুৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজত মনোনয়ন প্ৰত্যাহাৰ ইমানুৱেল মুছাহাৰীৰ, নিৰ্বাচনী যুঁজৰ পৰা আঁতৰিল ৩জন

By Election Assam : মুখ্যমন্ত্ৰীৰ অনুৰোধত তামুলপুৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজত মনোনয়ন প্ৰত্যাহাৰ ইমানুৱেল মুছাহাৰীৰ, নিৰ্বাচনী যুঁজৰ পৰা আঁতৰিল ৩জন

তামুলপুৰ (Tamulpur) সমষ্টিৰ মুঠ ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷ আজি সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী ইমানুৱেল মুছাহাৰী, দেৱেন বড়ো আৰু চণ্ডী বসুমতাৰীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷

তামুলপুৰ (Tamulpur) সমষ্টিৰ মুঠ ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷ আজি সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী ইমানুৱেল মুছাহাৰী, দেৱেন বড়ো আৰু চণ্ডী বসুমতাৰীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷

তামুলপুৰ (Tamulpur) সমষ্টিৰ মুঠ ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷ আজি সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী ইমানুৱেল মুছাহাৰী, দেৱেন বড়ো আৰু চণ্ডী বসুমতাৰীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷

  • Share this:
তামুলপুৰত শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ মাজত আজি মনোনয়ন প্ৰত্যাহাৰ কৰিলে ইমানুৱেল মুছাহাৰী (Imanuel Mushahary)য়ে। উপ নিৰ্বাচন (By Election)ৰ বাবে নিৰ্দলীয়ৰূপে মনোনয়ন দাখিল কৰিছিল বিজেপিৰ ইমানুৱেল মুছাহাৰীয়ে। নিজৰ মনোনয়ন প্ৰত্যাহাৰ কৰি মুছাহাৰীয়ে সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা (CM Himanta Biswa Sarma)ৰ অনুৰোধত নাম প্ৰত্যাহাৰ কৰা বুলি উল্লেখ কৰি এই মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ ক্ষেত্ৰত কোনেও হেঁচা প্ৰয়োগ কৰা নাই বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷ আজি মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময়ত ইমানুৱেল মুছাহাৰীৰ লগত উপস্থিত থাকে কমলপুৰ সমষ্টিৰ বিজেপি বিধায়ক দিগন্ত কলিতা ৷

উল্লেখ্য যে ইমানুৱেল মুছাহাৰীয়ে প্ৰাৰ্থিত্ব প্ৰত্যাহাৰ কৰাক লৈ তামুলপুৰত আজি পুৱাৰে পৰা এক শ্বাসৰুদ্ধকৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ মুছাহাৰীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিব বুলি শুনি পুৱাৰে পৰা সমৰ্থকসকলে সমষ্টিটোৰ প্ৰাক্তন বিধায়ক গৰাকীক দৰঙামেলাৰ ড্ৰেগন হোটেলত আৱদ্ধ কৰি ৰাখে ৷ মুছাহাৰীক এইদৰে সমৰ্থক সকলে আৱদ্ধ কৰি ৰখাৰ খবৰ বিয়পি পৰাৰ পিচতে ৰহস্যজনকভাৱে প্ৰাক্তন বিধায়ক গৰাকীক আৰক্ষীয়ে হোটেলৰ পৰা উদ্ধাৰ কৰি নিৰাপত্তা বেষ্টনীৰ মাজেৰে বাক্সা জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উপস্থিত কৰায় ৷

উল্লেখ্য যে ইমানুৱেল মুছাহাৰীক সংগ দিয়া কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক দিগন্ত কলিতাই তামুলপুৰ বিধানসভা সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত প্ৰাক্তন বিধায়কগৰাকীয়ে মনোনয়ন প্ৰত্যাহাৰ কৰা বুলি জানিব দি কয় যে ইমানুৱেল মুছাহাৰীক মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিবলৈ কোনেও হেঁচা প্ৰয়োগ কৰা নাই ৷ কিন্তু অধিক তথ্য দিয়াৰ পৰা বিৰত থাকে বিজেপি বিধায়কগৰাকী ৷ লক্ষণীয় ভাৱে ইমানুৱেল মুছাহাৰীকো সংবাদ মাধ্যমৰ সম্মুখত অধিক বক্তব্য দিয়াৰ পূৰ্বে আতৰাই লৈ যায় ৷

আগন্তুক বিধানসভা উপ-নিৰ্বাচন (By Election)ৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিম দিনা আজি বাক্সা জিলাৰ ৫৮ নং তামুলপুৰ (Tamulpur) সমষ্টিৰ মুঠ ৯ গৰাকী প্ৰাৰ্থীৰ ভিতৰত তিনিগৰাকীয়ে নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷ আজি সমষ্টিটোৰ নিৰ্দলীয় প্ৰাৰ্থী ইমানুৱেল মুছাহাৰী, দেৱেন বড়ো আৰু চণ্ডী বসুমতাৰীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷ ইয়াকে লৈ এতিয়া সমষ্টিটোৰ পৰা ইউপিপিএল (UPPL)ৰ জলেন দৈমাৰী, কংগ্ৰেছ (Congress)ৰ ভাস্কৰ দাহাল, গণ সুৰক্ষা পাৰ্টীৰ ব্ৰজেন্দ্ৰ নাথ ডেকা, ভিপিআইৰ ৰাজকুমাৰ বড়ো, নিৰ্দলীয় হিচাপে গনেশ কছাৰী আৰু যশোৱন্ত চৌহানহে প্ৰতিদ্বন্দ্বিতা কৰাটো নিশ্চিত হৈ পৰিল ৷

দিনৰ ভাগত চণ্ডী বসুমতাৰী আৰু দেবেন বড়োৱে মুছলপুৰস্থ জিলা উপায়ুক্তৰ কাৰ্যালয়ত নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰাৰ পিচত শেষ মুহূৰ্তত বহু জল্পনা-কল্পনাৰ অন্তত সমষ্টিটোৰ প্ৰাক্তন বিধায়ক তথা বিজেপি নেতা ইমানুৱেল মুছাহাৰীয়ে ৰিটাৰ্ণিং বিষয়াৰ ওচৰত নিজৰ মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে ৷ আনহাতে পৰৱৰ্তী সময়ত তেওঁ কাক সমৰ্থন দিব সেই বিষয়ে ৰাইজে নিৰ্ধাৰণ কৰিব বুলি মন্তব্য কৰে ৷

ইপিনে আজি বিজেপি BJP) দলৰ প্ৰাথমিক সদস্য তথা ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ পদৰ পৰাও ইমানুৱেল মুছাহাৰীয়ে পদত্যাগ কৰি ৰাজ্যিক সভাপতি ভৱেশ কলিতা (Bhabesh Kalita)লৈ নিজৰ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷ প্ৰণিধানযোগ্য যে বিপিএফ (BPF)ৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে বিপিএফ দল ত্যাগ কৰি প্ৰায় ডেৰ বছৰ পূৰ্বে বিজেপি দলত যোগদান কৰি বিজেপি দলটোক সাংগঠনিক ভাৱে শক্তিশালী কৰি তুলিছিল ৷ কিন্তু তামুলপুৰ সমষ্টিটো মিত্ৰদল ইউ পি পি এল দলক এৰি দিয়াত ইমানুৱেল মুছাহাৰীয়ে নিৰ্দলীয় হিচাপে সমষ্টিটোৰ পৰা মনোনয়ন দাখিল কৰাত সমগ্ৰ ৰাজনৈতিক প্ৰেক্ষাপট গৰম হৈ পৰিছিল ৷

আনহাতে নিৰ্দলীয় প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হৈ বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য গনেশ কছাৰীয়ে তেওঁৰ প্ৰাৰ্থিত্বত তামুলপুৰ জিলা বিপিএফ দলে সমৰ্থন দিয়া বুলি উল্লেখ কৰে ৷
Published by:Manjumoni Borah
First published: