உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • প্ৰাৰ্থী যদি নিদিয়েই ইমানদিন পাৰ্টী কৰিব দিছিল কিয়? – তামুলপুৰ সমষ্টি ইউপিপিএলক এৰি দিয়াত ক্ষোভ ইমানুৱেল মুছাহাৰীৰ

    প্ৰাৰ্থী যদি নিদিয়েই ইমানদিন পাৰ্টী কৰিব দিছিল কিয়? – তামুলপুৰ সমষ্টি ইউপিপিএলক এৰি দিয়াত ক্ষোভ ইমানুৱেল মুছাহাৰীৰ

    ইমানুৱেল মুছাহাৰীয়ে কয়- ‘‘মই এতিয়াও আশাবাদী। আমাৰ দলে বন্ধুত্বমূলকভাৱে ইউপিপিএল দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ল’ব আৰু মোকেই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব।

    ইমানুৱেল মুছাহাৰীয়ে কয়- ‘‘মই এতিয়াও আশাবাদী। আমাৰ দলে বন্ধুত্বমূলকভাৱে ইউপিপিএল দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ল’ব আৰু মোকেই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব।

    ইমানুৱেল মুছাহাৰীয়ে কয়- ‘‘মই এতিয়াও আশাবাদী। আমাৰ দলে বন্ধুত্বমূলকভাৱে ইউপিপিএল দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ল’ব আৰু মোকেই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব।

    • Share this:
    বিটিচিৰ তামুলপুৰ বিধানসভা সমষ্টিটো বিজেপিয়ে ইউপিপিএলক এৰি দিয়াত ক্ষুব্ধ ইমানুৱেল মুছাহাৰী। এই সন্দৰ্ভত নেতাজনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় – ‘‘প্ৰাৰ্থী যদি নিদিয়েই, ইমানদিনে কিয় পাৰ্টী কৰিব দিছিল?’’

    ‘‘ইউপিপিএলক সমষ্টি এৰি দিব নালাগিছিল, বিজেপি ছেকেণ্ড হেণ্ড পাৰ্টীৰ দৰে, বিজেপি জয় হ’লেহে গুৰুত্ব বাঢ়িব’’ – এই মন্তব্য কৰে ন-বিজেপি ইমানুৱেল মুছাহাৰীয়ে।

    ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিটো বিজেপি দলে মিত্ৰদল ইউপিপিএলক এৰি দিয়াৰ লগে লগে তামুলপুৰত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। উল্লেখযোগ্য যে বিপিএফ দলৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰীয়ে বিপিএফ দল ত্যাগ কৰি ২০২০ বৰ্ষত বিজেপি দলত যোগদান কৰিছিল।

    বিজেপিত যোগদান কৰিয়েই দিনে নিশাই বিজেপিৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ স্বাৰ্থত অহৰহ কাম কৰি গৈছিল। এইবাৰৰ বিধানসভা নিৰ্বাচনত তামুলপুৰ সমষ্টিৰ পৰা দলীয় টিকট বিচাৰি ৰাজ্যিক বিজেপিৰ ওচৰত আবেদন দাখিল কৰিছিল। বিজেপিৰ প্ৰাৰ্থিত্ব পোৱাৰ ক্ষেত্ৰত ইমানুৱেল মুছাহাৰী আছিল প্ৰৱল আত্মবিশ্বাসী। কিন্তু তামুলপুৰ সমষ্টিত বিজেপিয়ে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰদান নকৰি সমষ্টিটো ইউপিপিএল দলক এৰি দিয়াত তামুলপুৰত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়।

    তামুলপুৰস্থিত ইমানুৱেল মুছাহাৰীৰ বাসগৃহত  তেওঁৰ একাংশ সমৰ্থক উপস্থিত হৈ ক্ষুব্ধ হৈ পৰে। তেওঁৰ সমৰ্থকসকলে বিজেপি দলৰ পতাকা নমাই আনি সাব্যস্ত কৰে প্ৰতিবাদ৷ সমৰ্থকসকলে ‘ইমানুৱেল মুছাহাৰী জিন্দাবাদ’, ‘হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ’, ‘বিশ্বজিত দৈমাৰীৰ দালালী নচলিব’, ‘বিজেপি মুর্দাবাদ’, ‘বিজেপি গো বেক’ আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে।

    ইপিনে, ইমানুৱেল মুছাহাৰীয়ে কয়- ‘‘মই এতিয়াও আশাবাদী। আমাৰ দলে বন্ধুত্বমূলকভাৱে ইউপিপিএল দলৰ লগত প্ৰতিদ্বন্দ্বিতা কৰাৰ সিদ্ধান্ত ল’ব আৰু মোকেই প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব। আমি বহু আশা কৰিছিলো। বিগত ৩৬৫টা দিন দিনে–নিশাই কাম কৰি বিজেপিৰ সাংগঠনিক ভেটি মজবুত কৰাৰ বাবে কাম কৰি আহিছো আৰু মোৰ সাঁচতীয়া ধনো শেষ কৰিছো।’’

    ‘‘কেৱল টিকটেই নহয় সমগ্ৰ বিটিচিত পৰিৱৰ্তন আনিম বুলি কাম কৰিলো। বিটিচিত পৰিৱৰ্তন আহিল। যদিও মই নতুন বিজেপিৰ কাৰ্যকর্তা তথাপি মোৰ লগত সাত–আঠ বছৰে কাম কৰি থকা পুৰণি বিজেপিও আছে। মোৰ ধাৰণা বিটিচিত বিজেপি বৰ বেছি চিৰিয়াছ নহয়। বিজেপি হৈয়ো ইউপিপিএল বা কোনোবা দলৰ চেকেণ্ড হেণ্ড পাৰ্টী কৰা যেন লাগিছে।সেয়ে এতিয়াও সময় আছে, বিটিচিত বিজেপিক বচাই ৰাখিবলৈ আমি বন্ধুত্বমূলকভাৱে খেলিব লাগিব। যদি প্ৰাৰ্থীয়েই নিদিয়ে তেন্তে ইমানদিনে পাৰ্টী কিয় কৰিব দিছিল, এয়া মোৰ ৰাজ্যিক নেতৃত্বলৈ প্ৰশ্ন।’’ – ক’লে ইমানুৱেল মুছাহাৰীয়ে।
    Published by:Sanjay Kumar Das
    First published: