শীঘ্ৰে বিজেপিত যোগ দিব বিধায়ক ইমানুৱেল মুছাহাৰীয়ে! বিপিএফ ত্যাগ কৰিলে তামুলপুৰৰ বিধায়কে

News18 Assam | News18-Assam
Updated:June 7, 2020, 8:12 PM IST
শীঘ্ৰে বিজেপিত যোগ দিব বিধায়ক ইমানুৱেল মুছাহাৰীয়ে! বিপিএফ ত্যাগ কৰিলে তামুলপুৰৰ বিধায়কে
তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ইমানুৱেল মুছাহাৰীয়ে অৱশ্যে পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে এতিয়াও দিয়া নাই।

তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ইমানুৱেল মুছাহাৰীয়ে অৱশ্যে পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে এতিয়াও দিয়া নাই।

  • Share this:
বিটিচি নিৰ্বাচনৰ পূৰ্বে বৃহৎ আঘাত বিটিচিৰ শাসকীয় বিপিএফ দলত। বিপিএফৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক তথা তামুলপুৰ সমষ্টিৰ বিধায়ক ইমানুৱেল মুছাহাৰীয়ে ইতিমধ্যে ত্যাগ কৰিছে দল। বিগত সময়ত বিপিএফ দল ত্যাগ কৰি অন্য দললৈ গৈ হাগ্ৰামা মহিলাৰীক সমালোচনা কৰা বহুসংখ্যক নেতা ক্ৰমে চণ্ডী বসুমতাৰী, ৰবিনমালা বিশ্বাস, হিতেশ বসুমতাৰীক বিপিএফ দলে আকৌ আঁকোৱালি লোৱাত ক্ষোভিত হৈ পৰিছে দলটোৰ সাধাৰণ সম্পাদক ইমানুৱেল মুছাহাৰী। তাৰোপৰি এগৰাকী বিপিএফৰ মন্ত্ৰীয়ে তামুলপুৰত আনাহকত হস্তক্ষেপ কৰাৰ বাবেই দলৰ নেতৃত্বৰ বিৰুদ্ধে বিদ্ৰোহ কৰি সকলো পদৰ লগতে দলীয় মঞ্চ ত্যাগ কৰিছে বিপিএফৰ জ্যেষ্ঠ নেতাগৰাকীয়ে।

তামুলপুৰ বিধানসভা সমষ্টিৰ পৰা একেৰাহে দুবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ইমানুৱেল মুছাহাৰীয়ে অৱশ্যে পদত্যাগ পত্ৰ আনুষ্ঠানিকভাৱে এতিয়াও দিয়া নাই যদিও তেওঁ আৰু দলত থকাৰ প্ৰশ্নই নুঠে বুলি জনায়। নেতাগৰাকীৰ পদাংক অনুসৰণ কৰি ইমানুৱেলৰ বহুসংখ্যক শুভাকাংক্ষীয়েও বিপিএফ দল ত্যাগ কৰিছে।

দিছপুৰৰ ভিতৰুৱা সূত্ৰ অনুসৰি, আৰু কিছুদিন পিছতেই ইমানুৱেল মুছাহাৰীয়ে দলৰ আৰু তিনিজন বিধায়কৰ সৈতে শাসকীয় বিজেপিত যোগদান কৰিব। মুঠৰ ওপৰত পৰিষদীয় নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফত নেতাৰ মাজত সংঘাত তীব্ৰতৰ হোৱাত ক্ষুব্ধ হৈছে দলটোৰ কৰ্মীসকল।
First published: June 7, 2020, 8:12 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading