• Home
  • »
  • News
  • »
  • assam
  • »
  • কামালুদ্দিনৰ কামাল! অবৈধ বেহা চলাই হোজাইত জালত পৰিল এগৰাকী ইমাম

কামালুদ্দিনৰ কামাল! অবৈধ বেহা চলাই হোজাইত জালত পৰিল এগৰাকী ইমাম

নিজৰ আল আচফী কম্পিউটাৰ দোকানৰ পৰা অবৈধভাৱে ৰে’লৰ টিকট বনাই অধিক দামত বিক্ৰী কৰি চলাই আহিছিল বেহা।

নিজৰ আল আচফী কম্পিউটাৰ দোকানৰ পৰা অবৈধভাৱে ৰে’লৰ টিকট বনাই অধিক দামত বিক্ৰী কৰি চলাই আহিছিল বেহা।

নিজৰ আল আচফী কম্পিউটাৰ দোকানৰ পৰা অবৈধভাৱে ৰে’লৰ টিকট বনাই অধিক দামত বিক্ৰী কৰি চলাই আহিছিল বেহা।

  • Share this:
অবৈধভাৱে ৰে’লৰ টিকট বিক্ৰী কৰি ৰে’ল সুৰক্ষা বাহিনীৰ জালত পৰিল এজন ইমাম।হোজাই জিলাৰ কাকী চলচলিত সংঘটিত হৈছে এই ঘটনা। চলচলি গাঁওখনৰ ইমাম কামালউদ্দিনে দীৰ্ঘদিনৰ পৰা নিজৰ আল আচফী কম্পিউটাৰ দোকানৰ পৰা অবৈধভাৱে ৰে’লৰ টিকট বনাই অধিক দামত বিক্ৰী কৰি চলাই আহিছিল বেহা।

অৱশেষত হোজাইৰ ৰে’ল সুৰক্ষা বাহিনীয়ে এক গোপন সূত্ৰে জানিব পাৰি হোজাই ৰে’ল সুৰক্ষা বাহিনীৰ পৰিদৰ্শক সঞ্জয় সিঙৰ নেতৃত্বত যোৱা ৰে’ল সুৰক্ষা বাহিনীৰ এটা দলে দোকানখনত অভিযান  চলাই অবৈধভাৱে বনোৱা ৮টা ৰে’লৰ টিকট জব্দ কৰাৰ লগতে এটা লেপটপ, এটা মোবাইল ফোন জব্দ কৰে। লগতে দোকানৰ স্বত্বাধিকাৰী তথা মছজিদৰ ইমাম কামালউদ্দিনক গ্ৰেপ্তাৰ কৰি হোজাইলৈ অনাৰ পিছত আজি ৰে’লৱে আদালতত হাজিৰ কৰায় জে’ললৈ প্ৰেৰণ কৰা হয়।
Published by:Sanjay Kumar Das
First published: