মুখ্যমন্ত্ৰীক ২৪ ঘণ্টাৰ ডেডলাইন IMAৰ, স্থিতি স্পষ্ট নকৰিলে অসমত অনিৰ্দিষ্টকাললৈ বন্ধ হ’ব চিকিৎসা সেৱা

২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ো কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰে তেন্তে ২৪ ঘণ্টা পিছত অসমৰ সকলো চিকিৎসকে ধৰ্মঘটত বহিব। জৰুৰীকালীন সেৱাও বন্ধ ৰখা হ’ব অসমত।

News18-Assam
Updated:September 4, 2019, 11:23 AM IST
মুখ্যমন্ত্ৰীক ২৪ ঘণ্টাৰ ডেডলাইন IMAৰ, স্থিতি স্পষ্ট নকৰিলে অসমত অনিৰ্দিষ্টকাললৈ বন্ধ হ’ব চিকিৎসা সেৱা
২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ো কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰে তেন্তে ২৪ ঘণ্টা পিছত অসমৰ সকলো চিকিৎসকে ধৰ্মঘটত বহিব। জৰুৰীকালীন সেৱাও বন্ধ ৰখা হ’ব অসমত।
News18-Assam
Updated: September 4, 2019, 11:23 AM IST
টীয়কত উপস্থিত ইণ্ডিয়ান মেডিকেল এছ’চিয়েচনৰ বিষয়ববীয়াৰ দল। ডাঃ দেৱেন দত্তৰ পৰিয়ালবৰ্গক সাক্ষাৎ কৰি সমবেদনা জ্ঞাপন কৰে দলটোৱে। প্ৰয়াত দত্তৰ পৰিয়ালৰ পৰা ঘটনাৰ বুজ লৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ২৪ ঘণ্টাৰ সময়সীমা বান্ধি দিয়ে IMAৰ দলটোৱে। ২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট নকৰিলে বাগিচাত কোনো চিকিৎসকে কাম নকৰে বুলিও মন্তব্য কৰি IMAৰ দলটোৰ এগৰাকী বিষয়াই।

ঘটনাৰ জড়িত সকলো দোষীক উচিত শাস্তি প্ৰদানৰ দাবী তুলি দলটোৱে ADC শুভম গোৱালাক তদন্তৰ পৰা আঁতৰোৱাৰো দাবী তোলে। ADC গোৱালাৰ নেতৃত্বত তদন্ত নিৰপেক্ষ নহ’ব বুলি আশংকা কৰে দলটোৱে।

IMAৰ বিষয়াগৰাকীয়ে কয় যে যদিহে ২৪ ঘণ্টাৰ ভিতৰত মুখ্যমন্ত্ৰীয়ো কোনো ধৰণৰ স্থিতি স্পষ্ট নকৰে তেন্তে ২৪ ঘণ্টা পিছত অসমৰ সকলো চিকিৎসকে ধৰ্মঘটত বহিব। জৰুৰীকালীন সেৱাও বন্ধ ৰখা হ’ব অসমত।

অসমৰ মুখ্যমন্ত্ৰী, প্ৰধানমন্ত্ৰী, কেন্দ্ৰীয় গৃহ মন্ত্ৰী আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰীলৈ এই সন্দৰ্ভত পত্ৰ লিখাৰ কথাও উল্লেখ কৰে বিষয়াগৰাকীয়ে। এনেধৰণৰ ঘটনা ৰোধ কৰাৰ বাবে বাবে আইন প্ৰণয়নৰো দাবী IMAৰ দলটোৰ। অন্যথা পৰৱৰ্তী সময়ত সমগ্ৰ দেশজুৰি অনিৰ্দিষ্টকালীন প্ৰতিবাদ সাব্যস্ত কৰিব চিকিৎসক সমাজে।

যদিহে মুখ্যমন্ত্ৰীয়ে স্থিতি স্পষ্ট নকৰে আৰু শীঘ্ৰে আইন প্ৰণয়ন নকৰে তাৰ ফলত সৃষ্টি হ’ব পৰা পৰিস্থিতিৰ বাবে চৰকাৰ সাজু থাকিব লাগিব বুলিও মন্তব্য কৰে IMAৰ বিষয়াগৰাকীয়ে।

NEWS18 অসম সকলো খবৰ সকলোতকৈ আগত। প্ৰতি মুহূৰ্তৰ খবৰ পাবলৈ YouTubeFacebook আৰু Twitter ত আমাক ফল’ কৰক।
আৰু চাওক পৰৱৰ্তী বাতৰি