মুখ্যপৃষ্ঠা »খবৰ »অসম »হোজাইত চিকিৎসকক আক্ৰমণৰ পিছতে অমিত শ্বাহলৈ পত্ৰ IMAৰ, চিকিৎসা কৰ্মীৰ সুৰক্ষাৰ বাবে লাগে কঠোৰ আইন

হোজাইত চিকিৎসকক আক্ৰমণৰ পিছতে অমিত শ্বাহলৈ পত্ৰ IMAৰ, চিকিৎসা কৰ্মীৰ সুৰক্ষাৰ বাবে লাগে কঠোৰ আইন

সংস্থাটোৱে কয়– চিকিৎসকক আক্ৰমণৰ ঘটনা যদি বন্ধ নহয়, তেন্তে অদূৰ ভৱিষ্যতে যুৱ প্ৰজন্মই চিকিৎসা সেৱাত যোগদান কৰিবলৈ আগ্ৰহ হেৰুৱাব।

সংস্থাটোৱে কয়– চিকিৎসকক আক্ৰমণৰ ঘটনা যদি বন্ধ নহয়, তেন্তে অদূৰ ভৱিষ্যতে যুৱ প্ৰজন্মই চিকিৎসা সেৱাত যোগদান কৰিবলৈ আগ্ৰহ হেৰুৱাব।

সংস্থাটোৱে কয়– চিকিৎসকক আক্ৰমণৰ ঘটনা যদি বন্ধ নহয়, তেন্তে অদূৰ ভৱিষ্যতে যুৱ প্ৰজন্মই চিকিৎসা সেৱাত যোগদান কৰিবলৈ আগ্ৰহ হেৰুৱাব।

  • Share this:

দেশৰ আগশাৰীৰ কোৰোণা যোদ্ধা বুলি কোৱা হয় চিকিৎসা সেৱাৰে জড়িত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলক। এই মহামাৰীৰ সৈতে মোকাবিলা কৰিবলৈ প্ৰথমৰে পৰা নিজৰ আৰু তেওঁলোকৰ পৰিয়ালৰ বিষয়ে চিন্তা নকৰাকৈ সেৱাত ব্যস্ত আছে চিকিৎসকসকল । কিন্তু এনে এক সময়তে চিকিৎসকৰ ওপৰত কালি হৈ যোৱা আক্ৰমণ স্বাভাৱিকতে উদ্বেগজনক।


ভাৰতত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা নতুন নহয়। যোৱা বছৰটোতো কোভিডকালীন দেশখনৰ বিভিন্ন প্ৰান্তত চিকিৎসকৰ ওপৰত আক্ৰমণৰ ঘটনা পোহৰলৈ আহিছিল। কিন্তু কালিৰ ঘটনাই অসমতেই নহয় দেশজুৰি সৃষ্টি কৰে চাঞ্চল্য। এনে অৱস্থাত এইবাৰ চিকিৎসকৰ সুৰক্ষাৰ বাবে থিয় দিছে ইণ্ডিয়ান মেডিকেল এছোচিয়েচন (IMA)। আজি সংস্থাটোৱে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহলৈ চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ সুৰক্ষাৰ ক্ষেত্ৰত স্বাস্থ্যসেৱা হিংসাৰ বিৰুদ্ধে এক বিস্তৃত, অভিন্ন আৰু কাৰ্যকৰী আইন অনুমোদন কৰিবলৈ অনুৰোধ জনাই পত্ৰ প্ৰেৰণ কৰে।


গৃহমন্ত্ৰীলৈ লিখা পত্ৰখনত আইএমএই কয়, "ভাৰতক স্বাস্থ্যসেৱা হিংসাৰ বিৰুদ্ধে এক ব্যাপক, অভিন্ন আৰু কাৰ্যকৰী আইনৰ প্ৰয়োজন। আমি আপোনাক স্বাস্থ্যসেৱা হিংসাৰ বিৰুদ্ধে কাৰ্যকৰী আৰু শক্তিশালী আইন প্ৰণয়ন কৰিবলৈ অনুৰোধ জনাইছো।" সংস্থাটোৱে লগতে কয় যে চিকিৎসকসকলক আক্ৰমণৰ ঘটনা যদি বন্ধ নহয়, তেন্তে অদূৰ ভৱিষ্যতে যুৱ প্ৰজন্মৰ শিক্ষাৰ্থীসকলে চিকিৎসা সেৱাত যোগদান কৰিবলৈ আগ্ৰহ হেৰুৱাব। গতিকে এতিয়া এখন আইন প্ৰণয়ন কৰা আৰু ইয়াক কাৰ্যকৰী কৰা প্ৰয়োজন।

শেহতীয়া বাতৰি