যোৰহাটত আই পি এলৰ নামত চলিছে বৃহৎ জুৱা, অচিৰেই আৰক্ষীৰ জালত পৰিব বহুলোক

News18 Assam | News18-Assam
Updated:October 11, 2020, 2:34 PM IST
যোৰহাটত আই পি এলৰ নামত চলিছে বৃহৎ জুৱা, অচিৰেই আৰক্ষীৰ জালত পৰিব বহুলোক
যোৰহাটত আইপিএলৰ নামত চলি আছে বৃহৎ জুৱা। আৰক্ষীয়ে এই জুৱাৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে জুৱাখেলৰ আন বহু তথ্য।

যোৰহাটত আইপিএলৰ নামত চলি আছে বৃহৎ জুৱা। আৰক্ষীয়ে এই জুৱাৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে জুৱাখেলৰ আন বহু তথ্য।

  • Share this:
যোৰহাটত আইপিএলৰ নামত চলি আছে বৃহৎ জুৱা। আৰক্ষীয়ে এই জুৱাৰ সৈতে জড়িত তিনিজন লোকক গ্ৰেপ্তাৰ কৰাৰ পিছতে পোহৰলৈ আহিছে জুৱাখেলৰ আন বহু তথ্য। অচিৰেই ব্যৱসায়ীকে ধৰি যোৰহাটৰ একাংশ লোক আৰক্ষীৰ জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ।

যোৰহাটত দীৰ্ঘদিন ধৰি কৌশলেৰে চলি আহিছে আই পি এলৰ নামত জুৱাৰ বৃহৎ ৰমৰমীয়া বেহা। মূলত মৰিয়নিৰ পৰা নিয়ন্ত্ৰিত হৈ নিৰ্দিষ্ট এজেণ্টৰ জৰিয়তে সমগ্ৰ যোৰহাটতে অব্যাহত থকা এই জুৱাৰ বিৰুদ্ধে অভিযান চলাই সফলতা লাভ কৰিছে যোৰহাট আৰক্ষীয়ে। যোৰহাটৰ আৰক্ষী অধীক্ষকৰ নিৰ্দেশনাত চলোৱা এই অভিযানত তিতাবৰৰ পৰা তিনিজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ধৃত যুৱককেইজন হ’ল জ্যোতিনগৰৰ মাধৱজ্যোতি শইকীয়া, বগাৰগাঁৱৰ নীলমনি দাস আৰু বৰএৰা গাঁৱৰ দেবজিত গগৈ। যুৱককেইজনৰ পৰা আৰক্ষীয়ে নগদ ১ লাখ ৪ হাজাৰ ১০০ টকা, মোবাইল ফোন আৰু এই জুৱাৰ সৈতে জড়িত নোট বুককে ধৰি বহু সামগ্ৰী জব্দ কৰিছে।

জব্দ কৰা এই সামগ্ৰীসমূহৰ এই বৃহৎ জুৱাখেলৰ নেটৱৰ্কৰ বহু তথ্য লাভ কৰিছে আৰক্ষীয়ে। বিশেষকৈ যুৱককেইজনৰ মোবাইল ফোনৰ ক’ল ৰেকৰ্ডিঙৰ পৰা এই জুৱাৰ গুৰুত্বপূৰ্ণ তথ্য আৰক্ষীয়ে লাভ কৰিছে। তিতাবৰৰ পৰা গ্ৰেপ্তাৰ কৰা এজেণ্টকেইজনে কোন ব্যক্তিৰ সৈতে কথা পাতিছিল, কোন কোন লোকৰ সৈতে ধনৰ লেনদেন হৈছিল এনে বহু তথ্য লাভ কৰিছে আৰক্ষীয়ে। এই তথ্যসমূহৰ আধাৰতে অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে।

শনিবাৰে নিশাও অভিযান চলাই আৰক্ষীয়ে যোৰহাট নগৰৰ পৰা বাণ্টি নামৰ এজন যুৱকক সোধা-পোছাৰ বাবে আটক কৰিছে। এই জুৱাত মৰিয়নিৰ লগতে তিতাবৰ, টীয়ক, যোৰহাট নগৰকে ধৰি বিভিন্ন ঠাইৰ বহু লোক জড়িত হৈ আছে। মৰিয়নিৰ জনৈক ৰাকেশ, ভাই, বুলু , অমৃতকে ধৰি এই জুৱাখেলৰ সৈতে জড়িত বহু লোকৰ তথ্য লাভ কৰাৰ পিছত এইসকল লোকৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে। অৱশ্যে অধিকাংশ লোকে ইতিমধ্যে গ্ৰেপ্তাৰৰ ভয়ত পলায়ন কৰিছে।
Published by: Himangshu Bhuyan
First published: October 11, 2020, 2:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি