হোজাইত বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে চাৰি লক্ষাধিক টকাৰ চোৰাং কাঠ। DFO গুনদীপ দাসে দিয়া নিৰ্দেশত বন সুৰক্ষা বাহিনীৰ মহেশ নাথ আৰু কেভি ৰেঞ্জৰ উৎপল ডেকাই যৌথ বাবে অভিযান চলাই জব্দ কৰে কাঠখিনি। দুয়োগৰাকী বিষয়াৰ লগতে মোৰাঝাৰ আৰক্ষী আৰু বন কৰ্মীৰ এটা দলৰ সহযোগত বৰহাওঁৰ অঞ্চলৰ নাচিৰ আহমেদৰ বাৰীত চলাইছিল অভিযান।
অভিযানৰ সময়ত পৰিত্যক্ত অৱস্থাত পৰি থকা প্ৰায় ২০০ কেবি বৃহৎ আকাৰৰ ফাণ্টা কাঠ জব্দ কৰিবলৈ সক্ষম হয়।জব্দকৃত কাঠখিনিৰগৰাকী কোন সেয়া এতিয়াও জানিব পৰা হোৱা নাই যদিও কাঠখিনি পৰি থকা মাটিৰগৰাকীক অভিযানকাৰী দলে সোধাপোছা কৰি চোৰাং কাঠখিনিৰ প্ৰকৃত গৰাকীক কৰায়ত্ত কৰিবলৈ অব্যাহত ৰাখিছে তদন্ত।
অন্যহাতে জব্দকৃত কাঠখিনি হোজাইৰ কেভি ৰেঞ্জত লৈ অনাৰ পিছত মূল্য প্ৰায় চাৰি লাখ টকা হ'ব বুলি অভিযানকাৰী দলটোক নেতৃত্ব দিয়া বনকৰ্মী মহেশ নাথে জানিবলৈ দিছে।
Published by:Himangshu Bhuyan
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|