• Home
  • »
  • News
  • »
  • assam
  • »
  • নিজৰ ঘৰতে পাতিছিল সুৰাৰ দোকান, হোজাইত বৃহৎ পৰিমাণৰ সুৰাসহ জালত পৰিল ব্যৱসায়ী

নিজৰ ঘৰতে পাতিছিল সুৰাৰ দোকান, হোজাইত বৃহৎ পৰিমাণৰ সুৰাসহ জালত পৰিল ব্যৱসায়ী

আৰক্ষীয়ে অভিযান চলাই শিলিগুৰি বস্তিৰ দেৱজিত দাসৰ ঘৰৰ পৰা বহু পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।

আৰক্ষীয়ে অভিযান চলাই শিলিগুৰি বস্তিৰ দেৱজিত দাসৰ ঘৰৰ পৰা বহু পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।

আৰক্ষীয়ে অভিযান চলাই শিলিগুৰি বস্তিৰ দেৱজিত দাসৰ ঘৰৰ পৰা বহু পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে।

  • Share this:
হোজাইত আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থৰ নিৰ্দেশত ড্ৰাগছৰ সমান্তৰালভাৱে সুৰাৰ বিৰুদ্ধে আৰক্ষীয়ে অব্যাহত ৰাখিছে অভিযান। ইয়াৰ মাজতে হোজাই থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া তপন মেধিয়ে দায়িত্ব লোৱাৰ পিছৰে পৰা হোজাই থানাৰ বিভিন্ন এলেকাত ড্ৰাগছ, মদ, গাঞ্জা তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে অতৰ্কিতে অভিযান চলাই সফলতা লাভ দেখা গৈছে।

শেহতীয়াকৈ যোৱানিশা ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নিৰ্দেশমৰ্মে হোজাই থানাৰ টাউন উপ–পৰিদৰ্শক বদন বৰাই কেইবাটাও স্থানত সুৰাবিৰোধী অভিযান চলাই শিলিগুৰি বস্তিৰ দেৱজিত দাসৰ ঘৰৰ পৰা বহু পৰিমাণৰ বিলাতী সুৰা জব্দ কৰে। আৰক্ষীয়ে লগতে সুৰা ব্যৱসায়ী দেৱজিত দাসকো আটক কৰি অব্যাহত ৰাখিছে তদন্ত।
Published by:Sanjay Kumar Das
First published: