உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটাৰ গান্ধীনগৰত বৃহৎ পৰিমাণৰ সুৰা জব্দ, অভিযানৰ উমান পাই পলাল সুৰা ব্যৱসায়ী

    বৰপেটাৰ গান্ধীনগৰত বৃহৎ পৰিমাণৰ সুৰা জব্দ, অভিযানৰ উমান পাই পলাল সুৰা ব্যৱসায়ী

    গান্ধীনগৰৰ বিপুল দাসৰ ঘৰত অভিযান চলাই এই অবৈধ সুৰাসমুহ জব্দ কৰে আৰক্ষীয়ে৷

    গান্ধীনগৰৰ বিপুল দাসৰ ঘৰত অভিযান চলাই এই অবৈধ সুৰাসমুহ জব্দ কৰে আৰক্ষীয়ে৷

    গান্ধীনগৰৰ বিপুল দাসৰ ঘৰত অভিযান চলাই এই অবৈধ সুৰাসমুহ জব্দ কৰে আৰক্ষীয়ে৷

    • Share this:
    সত্ৰনগৰী বৰপেটাক সুৰামুক্ত চহৰ কৰাৰ অভিযান বৰপেটা আৰক্ষীৰ৷ বৰপেটা আৰক্ষীৰ অভিযানত চহৰখনৰ গান্ধীনগৰৰ পৰা বৃহৎ পৰিমাণৰ দেশত নিৰ্মিত বিদেশী সুৰা জব্দ৷ অভিযানত প্ৰায় ৮০ লিটাৰ চুলাই মদো জব্দ কৰে আৰক্ষীয়ে৷

    গান্ধীনগৰৰ বিপুল দাসৰ ঘৰত অভিযান চলাই এই অবৈধ সুৰাসমুহ জব্দ কৰে আৰক্ষীয়ে৷ জানিব পৰা মতে, মৃদুল দাস নামৰ এগৰাকী অবৈধ সুৰা ব্যৱসায়ীয়ে বিপুল দাসৰ ঘৰত মজুত কৰি ৰাখিছিল অবৈধ সুৰাসমূহ৷ অবশ্যে আৰক্ষীৰ এই অভিযানৰ মাজতে সুৰা ব্যৱসায়ী মৃদুল দাসে পলায়ন কৰিবলৈ সক্ষম হয়৷

    উল্লেখ্যযে, দ্বিতীয় বৈকুণ্ঠপুৰী হিচাপে খ্যাত সত্ৰনগৰী বৰপেটা চহৰক ৰাজ্য চৰকাৰে সুৰা নিষিদ্ধ অঞ্চল ঘোষণা কৰিছিল৷ ৰাজ্য চৰকাৰে বৰপেটা চহৰ অথবা চহৰৰ আশে পাশে সুৰাৰ বিক্ৰী আৰু মজুত নিষিদ্ধ কৰাৰ পিছতো একাংশ ব্যৱসায়ীয়ে পূৰ্বে চহৰখনত অবাধে সুৰাৰ ব্যৱসায় চলাই অহাৰ অভিযোগ উত্থাপিত হৈছিল৷ কিন্তু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশৰ পিছতে সত্ৰনগৰী বৰপেটাক সুৰামুক্ত অঞ্চল হিচাপে গঢ়ি তোলাৰ বাবে আৰক্ষীয়ে অবৈধ সুৰা ব্যৱসায়ীৰ বিৰুদ্ধে নিতৌ অভিযান অব্যাহত ৰখাৰ মাজতেই আজি এনেদৰে বৃহৎ পৰিমানৰ দেশী আৰু বিদেশী সুৰা জব্দ কৰে আৰক্ষীয়ে৷

    অবশ্যে অবৈধ সুৰাৰ ব্যৱসায় বন্ধ কৰাৰ ক্ষেত্ৰত বৰপেটাৰ আবকাৰী বিভাগে এতিয়াও কোনো তৎপৰতা গ্ৰহণ কৰা নাই৷ আনকি আবকাৰী বিভাগৰ তৎপৰতাৰ বিপৰীতে বিভাগটোৰ বিষয়া–কৰ্মচাৰীসকলে অবৈধ সুৰা ব্যৱসায়ীৰ সৈতে সম্পৰ্ক ৰক্ষা কৰি চলি অহা বুলিহে অভিযোগ উঠিছে৷
    Published by:Sanjay Kumar Das
    First published: