ৰাজ্যত অব্যাহত আছে অবাধ বন ধ্বংস (Deforestation)। কাৰ্বি আংলং-নগাওঁ সীমান্তৱৰ্তী কাৰ্বি পাহাৰ (Karbi Anglong-Nagaon)ৰ উদং কৰিবলৈকে যেন চলিছে বনধ্বংসৰ অঘোষিত প্ৰতিযোগিতা। নিশা হ'লেই ট্ৰাকে-ট্ৰাকে সৰবৰাহ হয় কাৰ্বি পাহাৰ মূল্যৱান কাঠ।
কুঠৰী-জখলাবন্ধা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ, মিছা-আনজুকপানী পথ, আমনি-শালনা- আনজুকপানী পথ, বৰজুৰি-কঠালগুৰি-চাপানলা পথ এতিয়া হৈ পৰিছে চোৰাংকাঠ সৰবৰাহৰ কৰিড'ৰ স্বৰূপ।
নগাঁও বন সংমণ্ডলৰ অন্তৰ্গত উত্তৰাঞ্চল শালনা বনাঞ্চলিক কাৰ্যালয়ে বিভিন্ন সময়ত জব্দ কৰা চোৰাং কাঠভৰ্তি বহু কেইখন বাহনে উদঙাই দিছে বনধ্বংসৰ প্ৰকৃত স্বৰূপ। উত্তৰ শালনা বনাঞ্চলিক বিষয়াৰ কাৰ্যালয়ৰ লগতে এই ৰেঞ্জৰ অধীনৰ চাপানলা, শালবাৰী, জখলাবন্ধা আৰু শিলঘাট বনখণ্ড কাৰ্যালয়ত জমা হৈ আছে বনবিভাগে জব্দ কৰা ৯০ খনতকৈ অধিক চোৰাং কাঠ ভৰ্তি বাহন।
এইসমুহ জব্দকৃত বাহনেই প্ৰতিপন্ন কৰিছে প্ৰতিদিনে ৰাজ্যত কি হাৰত চলিছে বনধ্বংসৰ অঘোষিত প্ৰতিযোগিতা। নগাঁও-কাৰ্বিআংলং সীমান্তৱৰ্তী অঞ্চলসমুহত ৰাজনৈতিক দলৰ আশীৰ্বাদপুষ্ট বনমাফিয়া চক্ৰই অব্যাহত ৰাখিছে অপ্ৰতিৰোধ্য বনধ্বংস ৰ যজ্ঞ। অবাধ হাৰত কাৰ্বি পাহাৰৰ মূল্যবান গছ কাটি বিভিন্ন স্থানলৈ সৰবৰাহৰে এটা অতি শক্তিশালী চক্ৰই চলাইছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। বিভিন্ন সময়ত বনবিভাগে এই চোৰাং কাঠ সৰবৰাহৰ বিৰুদ্ধে অভিযান চলাইছে যদিও ইয়াক সমূলি ৰোধ কৰিব পৰা নাই ।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|