অসামাজিক কাম–কাজৰ লগত জড়িত থকাৰ অভিযোগত ধৃত পাঁচজনকেই জে’ললৈ প্ৰেৰণ কৰিব বুলি বৰপেটাৰোড আৰক্ষীয়ে জানিবলৈ দিয়ে।
অসামাজিক কাম–কাজৰ লগত জড়িত থকাৰ অভিযোগত ধৃত পাঁচজনকেই জে’ললৈ প্ৰেৰণ কৰিব বুলি বৰপেটাৰোড আৰক্ষীয়ে জানিবলৈ দিয়ে।
বৰপেটাৰোডত তীৰ খেল আৰু অবৈধ লটাৰীৰ বিৰুদ্ধে নিশা আৰক্ষীৰ অভিযান। এই অভিযানত আটক হয় ৫ জন। বৰপেটাৰোড আৰক্ষীয়ে মঙলবাৰে নিশা চহৰখনৰ কৃষ্ণ বৰ্মন, গৌৰাঙ্গ সাহা আৰু সুকুমাৰ সাহাক কৰায়ত্ত কৰাৰ লগতে বালাভিঠাৰ পৰা নায়েব আলী আৰু হানিফ আলীক আটক কৰিছে৷ আৰক্ষীয়ে জব্দ কৰিছে অবৈধ লটাৰী টিকটৰ লগতে কিছু ধন। আৰক্ষীয়ে আটক কৰা কৃষ্ণ বৰ্মনৰ ঘৰ বৰপেটাৰোডৰ বৰ্মনপাৰাৰত আৰু গৌৰাঙ্গ সাহা আৰু সুকুমাৰ সাহাৰ ঘৰ বৰপেটাৰোডৰ হৰটকীতলাত বুলি জানিব পৰা গৈছে৷ অন্যহাতে বৰপেটাৰোডৰ সমীপৰ বালাৰভিঠাত তীৰ খেলৰ বিৰুদ্ধে অভিযান চলাই আটক কৰা নায়েব আলী আৰু হানিফ আলীৰ ঘৰ বালাভিঠাতেই বুলি জানিব পৰা গৈছে৷
অসামাজিক কাম–কাজৰ লগত জড়িত থকাৰ অভিযোগত ধৃত পাঁচজনকেই জে’ললৈ প্ৰেৰণ কৰিব বুলি বৰপেটাৰোড আৰক্ষীয়ে জানিবলৈ দিয়ে। উল্লেখ্য যে বৰপেটাৰোড আৰু ইয়াৰ আশেপাশে থকা একাংশ অঞ্চলত দীৰ্ঘদিনৰে পৰাই তীৰ খেল, অবৈধ লটাৰী, ড্ৰাগছ–জুৱাৰ ঘাটিয়ে পৰিৱেশ কলুষিত কৰি তোলাৰ অভিযোগ উত্থাপন হৈছে৷ একাংশ অসাধু লোকে পকেটে পকেটে অবৈধ লটাৰী টিকট ৰাখি বিক্ৰী কৰি থকাৰো অভিযোগ ৰাইজৰ মুখে মুখে৷ অবৈধ লটাৰী, জুৱা আদি খেলত বহুলোক সৰ্বস্বান্ত হোৱাৰো অভিযোগ উত্থাপন হৈ আহিছে৷ ইপিনে ড্ৰাগছৰ বিৰুদ্ধে সময়ে সময়ে আৰক্ষীয়ে অভিযান চলাই আহিছে যদিও সম্প্ৰতিও বহু যুৱক ড্ৰাগছৰ লগত জড়িত হৈ থকা বুলি জানিব পৰা গৈছে৷
Published by:Sanjay Kumar Das
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|