• Home
  • »
  • News
  • »
  • assam
  • »
  • Illegal Smuggling of Cattle : গো-ধনৰ অবৈধ সৰবৰাহ, বোকাখাতত উশাহ নাপায় ট্ৰাকতে মৃত্যু ৪৬টা গৰুৰ

Illegal Smuggling of Cattle : গো-ধনৰ অবৈধ সৰবৰাহ, বোকাখাতত উশাহ নাপায় ট্ৰাকতে মৃত্যু ৪৬টা গৰুৰ

ট্ৰাকখনৰ চালক মুছাৰফ হুছেইনে  লৈছে পৰমানন্দ দাসৰ নাম

ট্ৰাকখনৰ চালক মুছাৰফ হুছেইনে  লৈছে পৰমানন্দ দাসৰ নাম

ট্ৰাকখনৰ চালক মুছাৰফ হুছেইনে  লৈছে পৰমানন্দ দাসৰ নাম

  • Share this:
অবিশাস্য, অকল্পনীয়, বেদনাদায়ক ৷ বোকাখাত আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত চলোৱা অভিযানত ৪৭টাকৈ অবৈধ গৰু সৰবৰাহ কৰা ট্ৰাক এখন জব্দ কৰিছিল ৷ ট্ৰাকখনৰ নম্বৰ AS 02 E 5998 ৷ ট্ৰাকখনত থকা ৪৬টা গৰুৰেই সন্দেহ কৰা অনুসৰি শ্বাস–প্ৰশ্বাসজনিত কাৰণত মৃত্যু হৈছে ৷

ইটোৰ ওপৰত সিটো পৰি থকা অৱস্থাত উদ্ধাৰ হয় গৰুবোৰ। ট্ৰাকখনৰ চালক মুছাৰফ হুছেইনক ইতিমধ্যে আটক কৰিছে বোকাখাত আৰক্ষীয়ে ৷ বোকাখাতৰ ৰজাবাৰীৰ পৰা চামগুৰিলৈ বুলি আনি আছিল গৰুখিনি ৷ অবৈধ গৰু সৰবৰাহত বোকাখাত ৰজাবাৰীৰ অগপৰ সদ্য বহিষ্কৃত পালিনেতা পৰমানন্দ দাস জড়িত থকাৰ সন্দেহ ৷

ট্ৰাকখনৰ চালক মুছাৰফ হুছেইনে  লৈছে পৰমানন্দ দাসৰ নাম ৷ পূৰ্বেও অগপৰ পালিনেতা পৰমানন্দ দাস তেল চুৰিকাণ্ডত জেল হাজোতলৈ গৈছিল ৷ ইতিমধ্যে বোকাখাত আৰক্ষীয়ে লতাবাৰীত মৃত গৰুবোৰ নমাই মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে ৷ আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে ৷ ইফালে বোকাখাতৰ সমূহ সাংবাদিকে গৰুৰ চোৰাং বেহা বন্ধ ৰখাৰ বাবে চৰকাৰক দাবী জনাইছে ৷ সমান্তৰাল ভাৱে ৰাষ্ট্ৰীয় সয়ং সেৱক সংঘৰ তৰফৰ পৰাও কেটল পাৰ্মিট নথকা গাড়ীত গৰু সৰাবৰাহ কৰা বন্ধ কৰিবৰ বাবে মুখ্যমন্ত্ৰী, কৃষি আৰু পশুপালন মন্ত্ৰীক দাবী জনাইছে ৷ প্ৰয়োজন হ'লে কেবিনেটত কঠোৰ আইন প্ৰণয়নৰো দাবী কৰিছে ৷ লগতে গো-মাতাৰ জীৱনক লৈ হেতালি খেলিলে পৰিণাম ভয়াৱহ হ'ব বুলিও উল্লেখ কৰে ৷
Published by:Gautam Barman
First published: