உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • বৰপেটাৰ মন্দিয়া বজাৰত লেছীৰ দৌৰাত্ম ৷ চৰকাৰী বজাৰগৃহৰ ভিতৰৰ ঠাই অনৈতিকভাবে বিক্ৰী, অতিষ্ঠ সাধাৰণ বেপাৰী।

    বৰপেটাৰ মন্দিয়া বজাৰত লেছীৰ দৌৰাত্ম ৷ চৰকাৰী বজাৰগৃহৰ ভিতৰৰ ঠাই অনৈতিকভাবে বিক্ৰী, অতিষ্ঠ সাধাৰণ বেপাৰী।

    লেছীগৰাকীয়ে ৫০ /৬০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছে বজাৰগৃহৰ ভিতৰৰ স্থান ৷

    লেছীগৰাকীয়ে ৫০ /৬০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছে বজাৰগৃহৰ ভিতৰৰ স্থান ৷

    লেছীগৰাকীয়ে ৫০ /৬০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছে বজাৰগৃহৰ ভিতৰৰ স্থান ৷

    • Share this:
    বৰপেটাৰ মন্দিয়া বজাৰত লেছীৰ দৌৰাত্ম ৷ কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ সুবিধাৰ বাবে নিৰ্মাণ কৰা চৰকাৰী বজাৰগৃহৰ ভিতৰৰ ঠাই ব্যক্তিগত লোকৰ ওচৰত বিক্ৰী কৰাক লৈ অতিষ্ঠ হৈ পৰিছে বিক্ৰেতাসকল ‍৷

    বৰপেটা জিলাৰ বাঘবৰৰ কৃষকৰ উৎপাদিত ফচলৰ লগতে গাখীৰ, হাঁহ কুকুৰা, কণী, বিবিধ কৃষিজাত সামগ্ৰীসমূহ বিক্ৰীৰ সুবিধাৰ বাবে ২০০৬ চনত মন্দিয়া বজাৰত নাবাৰ্ডৰ ১ কোটি টকাৰ অৰ্থ সাহাৰ্যৰে নিৰ্মাণ কৰা হৈছিল তিনিটা বজাৰগৃহ ৷ কিন্তু বজাৰখন ডাকত লোৱা মকিবৰ ৰহমান নামৰ লেছীগৰাকীয়ে ৫০ /৬০ হাজাৰ টকাৰ বিনিময়ত বিক্ৰী কৰিছে বজাৰগৃহৰ ভিতৰৰ স্থান ৷ মুকলি বজাৰগৃহৰ ভিতৰতে কেবাজনো দোকানীয়ে লেছীৰ পৰা ঠাইসমুহ ক্ৰয় কৰি নিৰ্মাণ কৰিছে  নিজৰ নিজৰ দোকান ঘৰ ৷

    নিয়মমতে বজাৰগৃহ সমুহত ব্যক্তিগতভাবে কোনো লোকেই দোকান ঘৰ নিৰ্মাণ কৰিব নোৱাৰে ৷ ইয়াৰ ফলত বজাৰগৃহটোত মুকলি ঠাইৰ অভাৱ হোৱাৰ লগতে কৃষক আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলে ঠাইৰ অভাৱত নিজৰ সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত বিৰাট সমস্যাৰ সন্মুখীন হৈছে ৷ যাৰবাবে কৃষকৰ উৎপাদিত ফচল বাটে-পথে বিক্ৰী কৰিবলগীয়া হৈছে ৷ এইক্ষেত্ৰত জিলা প্ৰশাসনক উপযুক্ত ব্যৱস্থা গ্ৰহনৰ দাবী জনাইছে খুচুৰা বিক্ৰেতা তথা স্থানীয় ৰাইজে ৷
    Published by:Manjumoni Borah
    First published: