শোণিতপুৰৰ ঠেলামৰাত ভুৱা নাৰ্ছিংহোম ছীল কৰিলে প্ৰশাসনে, মুন্নাভাইৰূপী চিকিৎসকৰ পলায়ন

News18 Assam | News18-Assam
Updated:October 18, 2020, 9:48 AM IST
শোণিতপুৰৰ ঠেলামৰাত ভুৱা নাৰ্ছিংহোম ছীল কৰিলে প্ৰশাসনে, মুন্নাভাইৰূপী চিকিৎসকৰ পলায়ন
সাধাৰন মানুহৰ জীৱনক লৈ খেলা কৰা ভুৱা চিকিৎসকৰ নাৰ্ছিংহোম ইতিমধ্যে আৰক্ষীয়ে ছীল কৰিলে৷

সাধাৰন মানুহৰ জীৱনক লৈ খেলা কৰা ভুৱা চিকিৎসকৰ নাৰ্ছিংহোম ইতিমধ্যে আৰক্ষীয়ে ছীল কৰিলে৷

  • Share this:
দেখাত ব্যক্তিগত আৱাস গৃহ, কিন্তু ভিতৰত চলিছে অবৈধ নাৰ্ছিং হোম৷ নাই কোনো ফলক, নাই কোনো হৰ্ডিঙ৷ কিন্তু ভিতৰত চলিছে বৃহৎ নাৰ্ছিং হোম, বৃহৎ ফাৰ্মাচী৷ আৰক্ষী দেখি পলাল ভুৱা চিকিৎসক৷ ছীল হ'ল গাৱঁৰ ভিতৰৰ বিশাল নাৰ্ছিং হোম৷

শোণিতপুৰৰ ঠেলামৰাৰ কাঠনিবাৰী নামৰ এখন ভিতৰুৱা গাঁৱত বছৰ বছৰ ধৰি চলি আহিছিল এখন নাৰ্ছিং হোম, এখন ফাৰ্মাচী৷ স্বাস্থ্য বিভাগ, আৰক্ষী, শোণিতপুৰ জিলা প্ৰশাসনৰ চকুত ধূলি দি চলি আহিছিল এই ভুৱা নাৰ্ছিংহোম আৰু ফাৰ্মাচী৷ এক গোপন সূত্ৰৰ ভিত্তিত হঠাৎ শোণিতপুৰ জিলাৰ অতিৰক্ত আৰক্ষী অধীক্ষক নোমল মাহাতো, DSP ৰশ্মি ৰেখা শৰ্মাৰ নেতৃত্বত স্বাস্থ্য বিভাগৰ বিষয়াক লগত লৈ চলিল ভুৱা চিকিৎসক মফিজ উদ্দিন আহমেদৰ বাসগৃহত চলি থকা অবৈধ নাৰ্ছিং হোম আৰু ভুৱা চিকিৎসকৰ বিৰুদ্ধে অভিযান৷

আৰক্ষী অহাৰ উমান পাই পলাল মুন্নাভাইৰূপী স্বয়ম্ভু চিকিৎসক মফিজ উদ্দিন আহমেদ৷  চি চি কেমেৰাত বন্দী হৈ আছিল ভুৱা চিকিৎসক মফিজ উদ্দিন আহমেদে ৰোগী চোৱাৰ দৃশ্য৷

সাধাৰন মানুহৰ জীৱনক লৈ খেলা কৰা ভুৱা চিকিৎসকৰ নাৰ্ছিংহোম ইতিমধ্যে আৰক্ষীয়ে ছীল কৰিলে৷ জব্দ কৰিলে বহু ঔষধৰ নমুনা৷ ইপিনে ফাৰ্মাচীখনত বেআইনীভাৱে মজুত ৰাখিছিল লাখ লাখ টকাৰ ঔষধ৷

ঠেলামৰা থানাৰ নিচেই কাষতে মানুহৰ জীৱনক লৈ এনেদৰে হেতালি খেলি আহিছিল মফিজুদ্দিন নামৰ ভুৱা চিকিৎসকজনে৷ দৈনিক বহু ৰোগীৰ সমাৱেশ ঘটিছিল৷ চহৰাঞ্চলৰ ফাৰ্মাচীতকৈয়ো বহু বেছি পৰিমাণৰ ঔষধ মজুত আছিল আৰক্ষীয়ে ছীল কৰা ফাৰ্মাচীৰ ভিতৰত৷ সকলো  কিন্তু আৰক্ষীৰ বৃহৎ দলৰ নাকৰ তলেৰে পলায়ন কৰিবলৈ সক্ষম হোৱা ভুৱা চিকিৎসক মফিজউদ্দিনক পাৰিবনে আৰক্ষীয়ে আটক কৰিবলৈ? এনে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে কঠোৰ হ'বনে প্ৰশাসন সেয়া ডাঙৰ প্ৰশ্ন৷
Published by: Sanjay Kumar Das
First published: October 18, 2020, 9:48 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading