অবৈধ সুৰা সৰবৰাহকাৰীৰ নতুন কৌশল। শুকান বাঁহভৰ্তি এখন ট্ৰাকৰ কন্টেনাৰত জব্দ হ’ল বৃহৎ পৰিমাণৰ অবৈধ সুৰা৷ শোণিতপুৰ জিলাৰ ঠেলামৰা আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত এখন ট্ৰাকৰ কন্টেনাৰত উদ্ধাৰ কৰে কাৰ্টনে কাৰ্টনে অবৈধ সুৰা৷
উল্লেখ্য যে অৰুণাচল পৰা এটা অবৈধ সুৰা সৰবৰাহকাৰী চক্ৰই নতুন কৌশলেৰে বাঁহভৰ্তি ট্ৰাকৰ কন্টেনাৰত বৃহৎ পৰিমাণৰ অবৈধ সুৰাখিনি উত্তৰ প্ৰদেশলৈ সৰবৰাহ কৰা অৱস্থাত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথত ঠেলামৰা আৰক্ষীৰ ভাৰাপ্ৰাপ্ত আৰক্ষী বিষয়া লিটুমণি শৰ্মা আৰু মিছামাৰী আৰক্ষীৰ চক্ৰ পৰিদৰ্শক হেমেন দাসৰ নেতৃত্বত সন্দেহৰ ভিত্তিত ৰখাই তালাচী চলোৱাৰ সময়তেই ২৯০ কাৰ্টন সুৰা জব্দ হয়।
সুৰা কঢ়িয়াই অনা UP 21BN 0571 নম্বৰৰ গাড়ীখনৰ চালক মহম্মদ জফৰক ইতিমধ্যে আৰক্ষীয়ে আটক কৰিছে। আটক চালক জনক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ গুৰুত্বপূৰ্ণ কথা যে ৰাজহ ফাঁকি দি ন ন কৌশলেৰে অসমৰ মাজেৰে প্ৰায়ে এনেদৰে সুৰা সৰবৰাহ হৈ আহিছে যদিও এই অবৈধ সুৰা সৰবৰাহকাৰী চক্ৰটোৰ বিৰুদ্ধে কিন্তু বৰ্তমানলৈকে আৰক্ষীয়ে কোনো শক্তিশালী ব্যৱস্থা গ্ৰহণ নকৰা বিষয়টোৱে জিলাখনত চৰ্চিত হৈছে।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|