মাছমৰীয়াৰ বেশত কাজিৰঙাত সোমাইছে চোৰাং চিকাৰী, বন বিভাগে মাছমৰীয়াৰ প্ৰৱেশ নিষিদ্ধ কৰাত উত্তাল প্ৰতিবাদ

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা সংঘটিত হোৱাৰ পিছতে তেজপুৰৰ কলিয়া ভোমোৰাৰ পৰা গহপুৰৰ ৰাওনামুখলৈকে ব্ৰহ্মপুত্ৰ নদীত মাছ মৰাত নিষেধাজ্ঞা আৰোপ কৰিছে বনবিভাগে ৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত গঁড় হত্যা সংঘটিত হোৱাৰ পিছতে তেজপুৰৰ কলিয়া ভোমোৰাৰ পৰা গহপুৰৰ ৰাওনামুখলৈকে ব্ৰহ্মপুত্ৰ নদীত মাছ মৰাত নিষেধাজ্ঞা আৰোপ কৰিছে বনবিভাগে ৷
- News18 Assam
- Last Updated: August 15, 2020, 8:38 PM IST

কিন্তু বন বিভাগে লোৱা সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে মাছমৰীয়াসকল।বন বিভাগৰ বিশ্বনাথঘাট ৰেঞ্জৰ সন্মুখত শনিবাৰে ব্ৰহ্মপুত্ৰত নাওঁ চলাবলৈ নিদিয়াৰ বাবেই প্ৰতিবাদ সাব্যস্ত কৰিলে মাছমৰীয়াসকলে ৷ পূৰ্বে বন বিভাগে কিছু শিথিলতা প্ৰদৰ্শন কৰাৰ পৰিপ্ৰেক্ষিতত অনানুষ্ঠানিকভাৱে এক নিদিষ্ট দূৰত্বলৈকে মাছমৰাৰ সুবিধা পাইছিল মাছমৰীয়াসকলে ৷

মাছমৰীয়াৰ বেশত চোৰাং চিকাৰীয়ে ৰাষ্ট্ৰীয় উদ্যানত প্ৰৱেশ কৰি ৮ আগষ্টত গঁড় হত্যা কৰাৰ পিছতেই বন বিভাগে ব্ৰহ্মপুত্ৰত সম্পূৰ্ণৰূপে বন্ধ কৰিলে মাছমৰীয়াৰ নাওঁ চলাচল ৷ মাছ মৰা বন্ধ কৰাৰ লগতে স্প্ৰীড ব'টৰে বৰ্তমান সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা হৈছে।
মাছমৰীয়াসকলে অভিযোগ কৰিছে যে, কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ সঠিক সীমা নিৰ্ধাৰণ নকৰাকৈ তেওঁলোকক মাছ মৰাৰ পৰা বঞ্চিত কৰা হৈছে। ইয়াৰ বিপৰীতে বিশ্বনাথ বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ মুকুট দাসে সমগ্ৰ অঞ্চলটো কাজিৰঙাৰ ষষ্ঠ সংযোজনৰ অধীনৰ হোৱাৰ বাবে সাধাৰণ লোকৰ প্ৰৱেশ, নাওঁ চলাচল আৰু মাছ মৰা বন্ধ থাকিব বুলি মন্তব্য কৰিছে ৷ তেওঁ লগতে জানিবলৈ দিয়ে যে, শেহতীয়াকৈ কাজিৰঙাত সংঘটিত হোৱা গঁড় হত্যাৰ লগত জড়িত চিকাৰী কেইজনে নাৱৰীয়াৰ বেশ ধৰি কাজিৰঙাত প্ৰৱেশ কৰিছিল।