உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • assam
    • »
    • লাওঁখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ দৌৰাত্ম, কৰ্তব্যত বন কৰ্মীক আক্ৰমণ মাছমৰীয়াৰ ৷

    লাওঁখোৱা অভয়াৰণ্যত চোৰাং মাছমৰীয়াৰ দৌৰাত্ম, কৰ্তব্যত বন কৰ্মীক আক্ৰমণ মাছমৰীয়াৰ ৷

    চোৰাং মাছমৰীয়াই চোকা অস্ত্ৰৰে কৰা আক্ৰমণত আহত হয় প্ৰণৱ জ্যোতি শৰ্মা, বাবলী কলিতা আৰু মুনিম দলে নামৰ তিনিজন বনকৰ্মী ৷

    চোৰাং মাছমৰীয়াই চোকা অস্ত্ৰৰে কৰা আক্ৰমণত আহত হয় প্ৰণৱ জ্যোতি শৰ্মা, বাবলী কলিতা আৰু মুনিম দলে নামৰ তিনিজন বনকৰ্মী ৷

    চোৰাং মাছমৰীয়াই চোকা অস্ত্ৰৰে কৰা আক্ৰমণত আহত হয় প্ৰণৱ জ্যোতি শৰ্মা, বাবলী কলিতা আৰু মুনিম দলে নামৰ তিনিজন বনকৰ্মী ৷

    • Share this:
    নগাঁও জিলাৰ লাওঁখোৱা অভয়াৰণ্যৰ সংৰক্ষীত বিলত অবৈধভাৱে প্ৰৱেশ কৰি চোৰাং মাছ ব্যৱসায়ীয়ে দিন দুপৰতেই মুকলিকৈ মাছ ধৰি থকাৰ বাতৰি  এদিন পূৰ্বে News18 অসমত সবিস্তাৰে সম্প্ৰচাৰ কৰাৰ পাছতেই চোৰাং মাছ মৰীয়াৰ বিৰূদ্ধে তৎপৰ হৈ পৰিল লাওঁখোৱা অভয়াৰণ্যৰ বনকৰ্মী ৷ বনৰক্ষীৰ দল এটাই দেওবাৰে নিশা অভয়াৰণ্যখনৰ ৰৌমাৰী বিলত টহল দি থকা অৱস্থাত মুখামুখি হয় চোৰাং মাছমৰীয়াৰ দল এটাৰ লগত ৷ নাও লৈ  চোৰাং ভাবে মাছ ধৰি থকা চোৰাং মাছমৰীয়াৰ দলটোক বাধা আৰোপ কৰি নাওসহ আটক কৰিবলৈ চেষ্টা চলাওঁতেই আক্ৰমণৰ সন্মুখীন হয় বনৰক্ষীৰ দলটো ৷

    বনৰক্ষীৰ লগত চোৰাং মাছমৰীয়াৰ দলটোৱে হতাহতিত লিপ্ত হোৱাৰ লগতে চোকা অস্ত্ৰৰে কৰা আক্ৰমণত আহত হয় প্ৰণৱ জ্যোতি শৰ্মা, বাবলী কলিতা আৰু মুনিম দলে নামৰ তিনিজন বনকৰ্মী ৷ ইয়াৰে প্ৰণৱ জ্যোতি শৰ্মা নামৰ বনৰক্ষীজন গুৰুতৰ ভাবে আহত হয় ৷ আহত তিনিওজন সম্প্ৰতি দগাঁও প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ আছে ৷ চোৰাং মাছমৰীয়াৰ দলটোক একাংশ গাঁওবাসীয়েও সহযোগ কৰাৰ অভিযোগ কৰিছে বনৰক্ষীৰ দলে ৷ ঘটনা সন্দৰ্ভত বনৰক্ষীৰ দলটোৱে জুৰীয়া থানাত এক গোচৰ ৰুজু কৰিছে ৷
    Published by:Manjumoni Borah
    First published: